ব্যতিক্রমী দৃশ্য : নির্বাচন খেলিব ধুবুৰীত, কার্যালয় গুৱাহাটীত

বিশেষ বাৰ্তা, ৩০ এপ্রিল : অসমৰ ৰাজনীতিত এইবাৰ দেখা গৈছে এক ব্যতিক্রমী দৃশ্য৷ ৰাজ্যত ইতিমধ্যে দুটা পর্যায়ত ১০খনকৈ লোকসভাৰ আসনৰ নির্বাচন হৈ গৈছে৷ অহা ৭ মে’ত বাকী চাৰিখন লোকসভাৰ আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব৷ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত তৃতীয় পর্যায়ত হ’বলগীয়া নির্বাচনৰ বাবে ইতিমধ্যে প্রতিটো ৰাজনৈতিক দল আৰু প্রার্থীয়ে প্রচাৰ অভিযান তীব্রতৰ কৰি তুলিছে৷ ইয়াৰ মাজতে দেখা গৈছে এক ব্যতিক্রমী ঘটনা৷ ধুবুৰী লোকসভাত হ’বলগীয়া নির্বাচনৰ বাবে গুৱাহাটীত স্থাপন কৰিছে নির্বাচনী কার্যালয়৷ ধুবুৰী লোকসভাৰ অগপ তথা মিত্রজোঁটৰ প্রার্থী জাবেদ ইছলামে গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰীত স্থাপন কৰিছে এক নির্বাচনী কার্যালয়৷ যোৱা শুকুৰবাৰে অগপৰ ধুবুৰী লোকসভাৰ এই নির্বাচনী কার্যালয়টো মুকলি কৰা হয়৷ অগপৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই প্রাক্তন বিধায়ক সত্যব্রত কলিতা, যুৱ পৰিষদৰ সম্পাদক জয়নাল আবেদিনৰ লগতে দলীয় নেতা গোলাপ মজুমদাৰৰ উপস্থিতিত এই নির্বাচনী কার্যালয়টো মুকলি কৰে৷ জানিব পৰা মতে, গুৱাহাটীৰ হাতীগাঁও, সিজুবাৰী, কটাহবাৰীকে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চলত ধুবুৰীৰ ডেৰ লাখৰো অধিক ভোটাৰ বিভিন্ন কামত নিয়োজিত হৈ আছে৷ মূলতঃ শ্রমিক, ঠেলাচালক, ৰিক্সাচালক, শাক–পাচলিৰ বেপাৰী, মাছ–মাংসৰ বেপাৰী হিচাপে ধুবুৰীৰ সেইসকল লোকে হাতীগাঁও, সিজুবাৰী, খানকা আদি অঞ্চলত বসবাস কৰে৷ প্রতিটো নির্বাচনৰ আগদিনা অথবা নিশাৰ ভাগত তেওঁলোক নিজ নিজ গৃহলৈ যায় আৰু ভোটৰ দিনা ভোটাধিকাৰ সাব্যস্ত কৰে৷ কিন্তু নির্বাচনী প্রচাৰৰ সময়ছোৱাত তেওঁলোকে জীৱিকা নির্বাহৰ বাবে গুৱাহাটীতে থকাৰ হেতু নির্বাচনত অৱতীর্ণ হোৱা প্রার্থীৰ বিষয়ে তেওঁলোকে বিশেষ একো নাজানে৷ ঘৰত উপস্থিত হোৱাৰ পাছত দুই–এজনৰ পৰা যি দিশে বতাহ বলা বুলি শুনে সেই অনুসৰিয়েই তেওঁলোকে ভোটদান কৰি আহিছে৷ ইয়াৰ পৰিপ্রেক্ষিততে এইবাৰ ধুবুৰী লোকসভাৰ অগপৰ প্রার্থী জাবেদ ইছলামে সেইসকল ভোটাৰক সচেতন তথা আকর্ষিত কৰাৰ বাবে সিজুবাৰীত নির্বাচনী কার্যালয় স্থাপন কৰিছে৷ এতিয়া অন্ততঃ তেওঁলোকে গুৱাহাটীত থাকিয়েই জানিব পাৰিছে ধুবুৰী লোকসভাৰ নির্বাচনী প্রার্থীৰ বিষয়ে৷ অগপই আশা কৰিছে গুৱাহাটীত শ্রমজীৱী হিচাপে অস্থায়ীভাৱে বসবাস কৰা সেই ডেৰ লাখ ভোটাৰৰ ভোট এইবাৰ অগপই লাভ কৰিবলৈ সক্ষম হ’ব৷

Featured