কামৰূপৰ দদৰাত অসম সাহিত্য সভাৰ সপ্তম কাৰ্যনিৰ্বাহক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ ছেপ্টেম্বৰ:

অসম সাহিত্য সভাৰ সপ্তম পূৰ্ণাঙ্গ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অধিবেশন খনি চলিত বছৰৰ ডিচেম্বৰ মাহত কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু দদৰা আঞ্চলিক শাখা সাহিত্য সভাৰ আতিথ্যত দদৰাত অনুষ্ঠিত হব। টংলাৰ ডনবক্স স্কুলত দেওঁবাৰে অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত শৰাইত তামোল পান দি সেৱা ধৰি কাৰ্যনিৰ্বাহক সভা নিমন্ত্ৰণ জনায় কামৰূপ জিলা সাহিত্য সভাৰ বিষয় ববীয়াই। কাৰ্যনিৰ্বাহক সভাৰ পৰম্পৰা অনুসৰি সেৱা ধৰে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড: নৃপেন্দ্ৰ কুমাৰ তালুকদাৰ, সাধাৰণ সম্পাদক ৰজনী শালৈ, সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ ডেকা, কোষাধক্ষ্য দিলীপ ঠাকুৰীয়া , সাংগঠনিক সম্পাদক ৰমেশ মেধি, সুশীল ডেকা,প্ৰাক্তন সভাপতি প্ৰভাত বনিয়া , প্ৰাক্তন সম্পাদক ৰমেন ভৰালী ,কাৰ্যনিৰ্বাহক বীৰেন কুমাৰ , তনুৰাম কলিতা , ড:তাৰিণী কান্ত হালৈ , চক্ৰ চৌধুৰী , জিলা প্ৰতিনিধি ৰাজেন মহন্ত প্ৰমুখ্যে বিষয়-ববীয়াই ।লগতে অসম সাহিত্য সভাৰ সভাপতি ড: সূৰ্য্যকান্ত হাজৰিকা , উপ-সভাপতি ড: গিৰীশ সন্দিকৈ আৰু প্ৰধান সম্পাদক ড: উপেন্দ্ৰজিৎ শৰ্মাক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়। কাৰ্যনিৰ্বাহক সভা আমন্ত্ৰণ অনুষ্ঠানটিৰ আত ধৰে অসম সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ আহ্বায়ক তথা কামৰূপ জিলা সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য অজিত প্ৰসাদ শৰ্মাই । কামৰূপ জিলাৰ ঐতিহ্য মণ্ডিত দদৰাত অনুষ্ঠিত হ’ব লগা সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাত অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ বহু আকাংক্ষিত সন্মানীয় সভাপতি, উপ সভাপতি আৰু প্ৰধান সম্পাদকৰ নিৰ্বাচনৰ ভোটৰ গণনা অনুষ্ঠিত হ’ব। লক্ষ্যনীয় ভাবেই কাৰ্যনিৰ্বাহক সভা খনৰ গুৰুত্ব অধিক হ’ব। ইফালে অসম সাহিত্য সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা উপলক্ষে কামৰূপ জিলাৰ ইতিহাস সম্বলিত এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হ’ব বুলি জিলা সাহিত্য সভাৰ তৰফৰপৰা জানিব দিয়ে । অসম সাহিত্য সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখনি সুকলমে অনুষ্ঠিত কৰিবলৈ জিলা সাহিত্য সভাৰ সভাপতি ড:নৃপেন্দ্ৰ কুমাৰ তালুকদাৰ , উপ-সভাপতি ৰামদত্ত লহকৰ আৰু সম্পাদক ৰজনী শালৈয়ে ৰাইজৰ সহযোগিতা কামনা কৰিছে।