বহিষ্কৃত বিজেপি নেত্রী তৃষ্ণা শর্মাক গ্রেপ্তাৰ

🔹 ইন্দ্রাণী তহবিলদাৰ কাণ্ডৰ জোৰদাৰ তদন্ত

🔹 এইবাৰ নাম সাঙোৰ খাইছে অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীৰ

🔹দ্বিবন ডেকাৰ সৈতে সম্পর্ক আছিল শান্তনুৰ

🔹 চাকৰিপ্রত্যাশীৰ পৰা ধন সংগ্রহত জড়িত থকাৰ অভিযোগ শান্তনুৰ বিৰুদ্ধে
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ আগষ্ট : বিজেপি নেত্রী ইন্দ্রাণী তহবিলদাৰৰ আত্মহননৰ ঘটনাই এফালৰ পৰা উলংগ কৰি পেলাইছে মুখাৰ আঁৰৰ মুখবোৰক৷ আত্মহননৰ তদন্ত কৰিবলৈ যাওঁতে কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে বহু ভদ্রলোকৰ দালালিৰ গোপন ছবিখন ওলাই পৰিছে৷ চৰকাৰী চাকৰিৰ নামত চলা ধন সংগ্রহৰ বৃহৎ কেলেংকাৰিৰ তদন্ত চলোৱাৰ সময়তে ইজনৰ পিছত সিজনকৈ ৰাজ্যিক বিজেপিৰ নেতা–পালিনেতাৰ নাম পোহৰলৈ আহিছে৷ এই কেলেংকাৰিটোত জড়িত থকাৰ অভিযোগত কালি নিশা চানমাৰি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৰাজ্যিক বিজেপিৰ কিষাণ মর্চাৰ বহিষ্কৃত যুটীয়া কার্যালয় সম্পাদক তৃষ্ণা শর্মাক৷ উল্লেখ্য যে ইন্দ্রাণী তহবিলদাৰৰ আত্মহননৰ পিছতে অনুৰাগ চলিহাৰ বিৰুদ্ধে চাকৰিৰ নামত ৪০ লাখ টকা দিয়া বুলি চানমাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল তৃষ্ণা শর্মাই৷ কিন্তু চানমাৰি আৰক্ষীয়ে অনুৰাগ চলিহাৰ বিৰুদ্ধে গোচৰটো ৰুজু নকৰাকৈ তদন্ত অব্যাহত ৰাখিছিল৷ সেইমর্মে কালি বিয়লি তৃতীয়বাৰৰ বাবে চানমাৰি আৰক্ষীয়ে তলব কৰিছিল তৃষ্ণা শর্মাক৷ চাকৰিৰ নামত ধনৰ লেনদেনৰ কেলেংকাৰিটোত তৃষ্ণা শর্মা প্রত্যক্ষভাৱে জড়িত থকা বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছিল অনুৰাগ চলিহা আৰু দ্বিবন ডেকাই৷ উত্থাপিত সকলো অভিযোগ চালি–জাৰি চোৱাৰ পিছত কালি নিশা তৃষ্ণা শর্মাক গ্রেপ্তাৰ কৰে চানমাৰি আৰক্ষীয়ে৷ আৰক্ষী সূত্রই সদৰী কৰা মতে, অভিযুক্ত তৃষ্ণা শর্মাৰ বিৰুদ্ধে পর্যাপ্ত তথ্য–প্রমাণ ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে৷ চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্রহ কৰি তৃষ্ণা শর্মাই অনুৰাগ চলিহাক দিছিল৷ কিন্তু ধন সংগ্রহ কৰিলেও অধিকসংখ্যককে চাকৰি দিব পৰা নাছিল তৃষ্ণা শর্মাই৷ নিযুক্তি প্রক্রিয়া শেষ হোৱাৰ পিছত বহু প্রার্থীয়ে চাকৰিৰ নামত দিয়া ধন ওভতাই বিচাৰিছিল শর্মাৰ পৰা৷ কিন্তু শর্মাই ওভতাই দিব পৰা নাছিল প্রার্থীসকলৰ ধন৷ ইতিমধ্যে একাংশ এনে ভুক্তভোগী চাকৰিপ্রার্থীয়ে তৃষ্ণা শর্মাৰ বিৰুদ্ধে সাক্ষী দিয়াৰ লগতে পর্যাপ্ত প্রমাণো আৰক্ষীৰ হাতত জমা দিছে৷ ইন্দ্রাণী তহবিলদাৰৰ আত্মহননৰ পিছতেই অনুৰাগ চলিহাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পিছত তৃষ্ণা শর্মাৰ বিৰুদ্ধেও ধনৰ লেনদেনৰ অভিযোগ উঠাত ৰাজ্যিক বিজেপিৰ পৰা তেওঁক বহিষ্কাৰ কৰা হৈছিল৷ বিজেপিৰ বহিষ্কৃত নেত্রী তৃষ্ণা শর্মাক গ্রেপ্তাৰৰ সমান্তৰালভাৱে কেলেংকাৰিটোত শেহতীয়াকৈ সংযোজিত হৈছে আন এগৰাকী বিজেপি নেতাৰ নাম৷ আৰক্ষী সূত্রৰ পৰা জানিব পৰা মতে, উক্ত নেতাজন অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগম (এআইআইডিচি)ৰ অধ্যক্ষ শান্তনু পূজাৰী৷ বর্তমানে নিগমৰ অধ্যক্ষৰ লগতে অসম ফুটবল সন্থাৰ উপ–সভাপতি পদতো অধিষ্ঠিত হৈ থকা শান্তনু পূজাৰীয়ে অভিযুক্ত দ্বিবন ডেকাৰ সৈতে লগ লাগি বহু নিবনুৱা যুৱক–যুৱতীৰ পৰা চাকৰি দিয়াৰ নামত লাখে লাখে টকা সংগ্রহ কৰাৰ অভিযোগ উঠিছে৷ সূত্রটোৱে সদৰী কৰা মতে, দ্বিবন ডেকাৰ অন্যতম ঘনিষ্ঠ আছিল শান্তনু পূজাৰী৷ বিগত কেইবাদিনো ধৰি দ্বিবন ডেকা আৰু অনুৰাগ চলিহাক পৃথকে পৃথকে জেৰা কৰাৰ পিছত দুয়ো অভিযুক্তই শান্তনু পূজাৰীৰ নাম জেৰাত স্বীকাৰ কৰিছে৷ বিজেপি নেত্রী ইন্দ্রাণী তহবিলদাৰৰ আত্মহননৰ দুদিন পূর্বে যোৰহাটৰ এক বিশেষ স্থানত দালাল দ্বিবন ডেকাৰ সৈতে বাহৰ পাতিছিল শান্তনু পূজাৰীয়ে৷ আৰু এই কথা দ্বিবন ডেকাই নিজে ইন্দ্রাণী তহবিলদাৰক টেলিফোনযোগে জনাইছিল৷ এয়াও আৰক্ষীৰ জেৰাত দ্বিবন ডেকাই স্বীকাৰ কৰিছে৷ শান্তনু পূজাৰীৰ মধ্যস্থতাত যোৰহাটত একাংশ প্রার্থীক চাকৰি দিম বুলি বৃহৎ পৰিমাণৰ ধন সংগ্রহ কৰিছিল দ্বিবন আৰু শান্তনুৱে৷ দালাল দ্বিবন ডেকাক হাতদীঘল মানুহ বুলি প্রার্থীসকলৰ আগত চিনাকি কৰি ধন সংগ্রহ কৰিছিল শান্তনু পূজাৰীয়ে৷ অৱশ্যে কিমান পৰিমাণৰ ধন শান্তনু–দ্বিবনে সংগ্রহ কৰিছিল, সেয়া আনুষ্ঠানিকভাৱে পোহৰলৈ অহা নাই যদিও সূত্রটোৰ মতে অর্ধলক্ষাধিক টকাৰ ওচৰা–উচৰি হ’ব৷ সূত্রটোৱে জনোৱা মতে যোৰহাটৰ ধন দিয়া প্রার্থীসকলৰ তালিকাও আৰক্ষীয়ে ইতিমধ্যে সংগ্রহ কৰিছে৷ পর্যায়ক্রমে সকলো প্রার্থীক জেৰাৰ বাবে মতা হ’ব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে পূর্বে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ চাকৰি কেলেংকাৰিতো বিজেপি নেতা শান্তনু পূজাৰীৰ নাম উচ্চাৰিত হৈছিল৷ যোৰহাটৰ কেইবাগৰাকীও আঢ্যৱন্ত ব্যৱসায়ীৰ কন্যা, পত্নীক মোটা অংকৰ ধনৰ বিনিময়ত চৰকাৰী চাকৰি দিছিল শান্তনু পূজাৰীয়ে৷ দ্বিবন ডেকাৰ জৰিয়তে শান্তনু পূজাৰীয়ে নিযুক্তি দিছিল বুলি অভিযোগ উঠিছিল৷ ইয়াৰ বাহিৰেও অসম লোকসেৱা আয়োগতো ৩০ লাখ টকাৰ বিনিময়ত তিনিগৰাকী প্রার্থীক চাকৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে ইন্দ্রাণী তহবিলদাৰৰ আত্মহননৰ অন্যতম অভিযুক্ত দ্বিবন ডেকাৰ বিৰুদ্ধে৷ উক্ত অভিযোগো তদন্তৰ আওতালৈ পৰৱর্তী সময়ত অনা হ’ব বুলি সূত্রটোৱে সদৰী কৰিছে৷ ইপিনে, আৰক্ষীৰ জেৰাত অনুৰাগ চলিহা আৰু ইন্দ্রাণী তহবিলদাৰৰ অভিসাৰৰ মুহূর্তৰ ফটোও ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ক্ষেত্রত বিজেপি নেতা শান্তনু পূজাৰীয়ে আগভাগ লোৱাৰ অভিযোগ উত্থাপন কৰিছে দ্বিবন ডেকাই৷ অনুৰাগ চলিহাৰ ম’বাইলৰ পৰা ফটো সংগ্রহ কৰি দ্বিবন ডেকাই শান্তনু পূজাৰীক দিছিল৷ আৰু পৰৱর্তী সময়ত শান্তনু পূজাৰীয়ে ফটোবোৰ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছিল৷ দ্বিবন ডেকাৰ এই স্বীকাৰোক্তিক গুৰুত্বসহকাৰে লৈ আৰক্ষীয়ে বিজেপি নেতা শান্তনু পূজাৰীক ইতিমধ্যে চানমাৰি থানলৈ তলব কৰিছে৷ আজি পূজাৰীক পুনৰ থানালৈ মাতি জেৰা চলোৱাৰ সম্ভাৱনা আছে বুলি সূত্রটোৱে সদৰী কৰিছে৷ তদুপৰি দ্বিবন ডেকা এণ্ড কোম্পানীয়ে চাকৰি দিম বুলি ধন লোৱা চাৰিজন গুৱাহাটীৰ প্রার্থীক চানমাৰি থানাই মাতি নি সাক্ষ্য গ্রহণ কৰিছে৷ কালি আন কেইবাজনকো থানালৈ মাতি সাক্ষ্য গ্রহণ কৰা হৈছে৷ আনহাতে, অনুৰাগ চলিহাৰ ম’বাইলৰ পৰা ইন্দ্রাণী তহবিলদাৰৰ অন্তৰংগ মুহূর্তৰ ফটো সংগ্রহ কৰা অভিমন্যু দাসৰ সন্ধান আজিও উলিয়াব পৰা নাই মহানগৰ আৰক্ষীয়ে৷ সূত্রটোৱে জনোৱা মতে, কিছুদিন পূর্বে নেপালত অভিমন্যুৰ ম’বাইলৰ লোকেচন পোৱা গৈছিল আৰু তাৰ ভিত্তিতেই তদন্ত অব্যাহত ৰখা হৈছে৷ শীঘ্রেই পলাতক অভিমন্যু দাসক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব বুলি সূত্রটোৱে দাবী কৰিছে৷

Featured