নলবাৰীত চৰকাৰী কাৰ্যালয়ৰ সন্মুখত উন্মুক্ত ট্ৰেন্সফৰ্মাৰ, জনজীৱনলৈ ভাবুকি

বিশেষ বাৰ্তা, ১১ জুলাই : অসম শক্তি বিতৰণ কোম্পানী অৰ্থাৎ এ পি ডি চি এলৰ কৰ্মকাণ্ডই নলবাৰী জিলাৰ ঠায়ে ঠায়ে জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। অকল এঠাইত-দুঠাইত নহয়, জিলাখনৰ কেইবাঠাইতো বেৰ বা আৱৰণ নোহোৱাকৈ উচ্চ ক্ষমতাসম্পন্ন ট্ৰেন্সফৰ্মাৰেৰে বিদ্যুৎ সৰবৰাহ হৈ আছে। ইতিমধ্যে ট্ৰেন্সফৰ্মাৰৰ এনে উন্মুক্ত অৱস্থাৰ বাবে বহু সময়ত মানুহ, এচাম লোকৰ পোহনীয়া গৰু মৃত্যুমুখত পৰিছে। অসম শক্তি বিতৰণ কোম্পানীৰ এনে ট্ৰেন্সফৰ্মাৰৰ ভেঁকো-ভাওনাই ৰাইজক শংকিত কৰি তুলিছে। জিলাখনৰ জনব্যস্ত চৰকাৰী এটি কাৰ্যালয় পূব নলবাৰী উন্নয়ন খণ্ড কাৰ্য্যালয়ৰ মুখ্য দ্বাৰৰ কাষত থকা উচ্চ ক্ষমতাসম্পন্ন উন্মুক্ত ট্ৰেন্সফৰ্মাৰটোৱে ৰাইজক শংকিত কৰি তুলিছে। এই কাৰ্যালয়টোলৈ দৈনিক শ শ লোকৰ আগমন ঘটে। তদুপৰি পথটোৰে দৈনিক অহা-যোৱা কৰে অসংখ্য লোক। কিন্তু ট্ৰেন্সফৰ্মাৰটো মাহৰ পিছত মাহ ধৰি উন্মুক্ত হৈ আছে। বিদ্যুৎ পৰিবাহী ‘কেবল’বোৰো উন্মুক্ত হৈ আছে। ইয়াৰ পৰা যিকোনো মুহূৰ্তত অঘটন ঘটাৰ আশংকা কৰা হৈছে। অকল এয়াই নহয়, চহৰ আৰু পাৰ্শ্বৱৰ্তী এলেকাত একাংশ ট্ৰেন্সফৰ্মাৰত জংঘন, বন-লতাই আগুৰি ধৰিছে। তথাপি কাণসাৰ নাই বিভাগটোৰ ফিল্ডত থকা কৰ্মচাৰীৰ। ইপিনে, জিলাখনত অব্যাহত সঘন লোডশ্বেডিঙে উপভোক্তা ৰাইজক অতিষ্ঠ কৰি তুলিছে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
Featured