শিমলীতোলাত ভুৱা আয়ুষ্মান কাৰ্ড যোগান ধৰি আৰক্ষীৰ জালত দুই যুৱক

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী গোৱালপাৰাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত কামাৰপোতাৰ শ্বাহ আলম নামৰ এজনৰ পত্নী ছাৰিফন নেছাক কিছুদিন পূৰ্বে একে গাঁৱৰে মফিদুল ইছলাম নামৰ যুৱকজনে তিনি হাজাৰ টকাৰ বিনিময়ত আয়ষ্মান কাৰ্ড বনাই দিছিল। পিছে মহিলা গৰাকীয়ে চিকিৎসাৰ বাবে গৈ আয়ুস্মান কাৰ্ডখন ইচ্যু কৰিবলৈ যোৱাত কাৰ্ড খন ভুৱা বুলি প্ৰমাণিত হয় । ভুৱা কাৰ্ড খনক লৈ বিপাঙত পৰে ভুক্তভোগী মহিলা গৰাকী। উপায়ন্তৰ হৈ ভূক্তভোগী মহিলা গৰাকীৰ স্বামী শ্বাহ আলমে নিজৰ গাঁঠিৰ ধনৰে ঘৈণীয়েক ছাফিৰণ নেছাৰ চিকিৎসা কৰাৰ অন্তত ঘৰলৈ গৈ মহিদুল ইছলামৰ বিৰুদ্ধে শিমলীতোলা আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিতে শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই যোৱা নিশা কামাৰপোতাৰ পৰা মহিদুল ইছলাম আৰু এই কাৰ্যৰ সহযোগী আতিকুৰ ৰহমানক সূতাৰপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে দিনজোৰা সোধাপোছা কৰাৰ অন্তত আজি আবেলি পৰত ধৃত ব্যক্তি দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণৰ দিহা কৰে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured