জালত পৰিল ভুৱা MBBS : বাঘবৰত জান্নাত আলীক আটক

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট : বৰপেটা জিলাৰ বাঘবৰৰ সত্ৰকনৰা বজাৰত ভুৱা MBBS (AM) জান্নাত আলীক আটক কৰে মন্দিয়া আৰক্ষীয়ে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি স্বাস্থ্য বিভাগৰ অনুমতি অবিহনে সত্ৰকনৰা বজাৰত চেম্বাৰ খুলি ৰোগীক কৰি আহিছিল চিকিৎসা। বহু সময়ত ৰোগীক ভুৱা চিকিৎসকজনে ভুল চিকিৎসা প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে। জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ নেতৃত্বত আজি আবেলি স্বাস্থ্য বিভাগৰ এটি দল আৰু মন্দিয়া আৰক্ষী উপস্থিত হৈ ভুৱা MBBS জান্নাত আলীৰ সত্ৰকনৰাস্থিত চেম্বাৰটো ছীল কৰাৰ লগতে আলীক আটক কৰে । জান্নাত আলীয়ে বিভাগীয় নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি ৰোগীক মেডিচিন প্ৰেছক্ৰাইপ কৰি আহিছিল। উল্লেখ্য যে বাঘবৰৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ ধৰে গঢ়ি উঠিছে বহু ফাৰ্মাচী আৰু ভুৱা চিকিৎসক। এইক্ষেত্ৰত বাঘবৰত ভুৱা চিকিৎসক তথা অবৈধ ফাৰ্মাচী বন্ধ কৰাত জিলা স্বাস্থ্য বিভাগ বহু ক্ষেত্ৰত বিফল বুলি সচেতন ৰাইজে অভিযোগ উত্থাপন কৰিছে। এইক্ষেত্ৰত বাঘবৰত অবৈধ ফাৰ্মাচী আৰু ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাবলৈ স্বাস্থ্য বিভাগক আহ্বান জনাইছে ৰাইজে।

প্ৰেৰক আব্দুল আজিজ আহমেদ

Featured