দক্ষিণ কামৰূপত বিষাক্ত পাৰ্থেনিয়ামৰ পাৰ্শ্বক্ৰিয়াত আক্ৰান্ত কৃষক

নিয়মীয়া বাৰ্তা, ৩০ জুন : বিষাক্ত অপতৃণ পাৰ্থেনিয়ামৰ পাৰ্শ্বক্ৰিয়াত দক্ষিণ কামৰূপৰ বৰটাৰী অঞ্চলত ১১জনকৈ কৃষক আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। ইয়াৰোপৰি শ শ কৃষকে সম্প্ৰতি মূৰে-কপালে হাত দিছে। বৰটাৰীৰ হিতেশ কলিতা, ৰমেন দাস, জগত কলিতা, বৃটিছ নাথ, কামেশ্বৰ কলিতা, প্ৰদীপ নাথ, দেবেন দাস, গনেশ কলিতা, অজেন কলিতা, কন্দলপাৰাৰ মুহিন কলিতা, বেজৰটাৰীৰ মহেশ কলিতা নাম কৃষকসকল আজিপৰ্যন্ত চিকিৎসাধীন অৱস্থাত আছে। দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ পৰা উত্তৰে প্ৰায় তিনি কিলোমিটাৰ নিলগত অৱস্থিত বৰটাৰী অঞ্চলত প্ৰায় পাঁচ হেজাৰ বিঘা ভুমিতেই অঞ্চলটোৰ আশী শতাংশ লোকেই কৃষিজীৱী। বৰ্তমান ইয়াৰে প্ৰায় দুই হাজাৰ বিঘা কৃষি ভূমিত বিষাক্ত অপতৃণ পাৰ্থেনিয়ামৰ পৰিস্থিতি দেখা দিছে। ফলস্বৰূপে বহু কেইটা ফচলৰ পৰা কৃষকসকলে বঞ্চিত হোৱাৰ বিপৰীতে বহু কৃষক বিষাক্ত অপতৃণ পাৰ্থেনিয়ামৰ সংস্পৰ্শলৈ আহি ৰুগীয়া হৈ পৰিছে। বৰটাৰীৰ উদিয়মান কৃষক জয়ন্ত মহন্তই নিয়মীয়া বাৰ্তাক জানিবলৈ দিয়া মতে বিভিন্ন প্ৰজাতিৰ ধান, মালভোগ কল, সৰিয়হ, মাটিমাহ, আপেল বগৰী, ড্ৰেগন ফল, তৰ্মুজ, ৰবি শস্যকে ধৰি বিভিন্ন চিজনেবুল ফচলৰ বাবে বৰটাৰী অঞ্চলৰ ভুমি যথেষ্ট উপযোগী। কিন্তু বৰ্তমান ৰঘুমলাৰ দৰে বিয়পি পৰা বিষাক্ত অপতৃণ পাৰ্থেনিয়ামৰ ফলত বহু ফচলৰ পৰা কৃষকসকলে বঞ্চিত হৈ তেওঁ লোকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে বুলি জানিবলৈ দিছে। লগতে ইয়াৰ এক বাস্তৱ সন্মত ব্যৱস্থা গ্ৰহণ কৰি সমুলঞে বিষাক্ত উদ্ভিদ বিধ ধ্বংস কৰাৰ বাবে ৰাজ্যৰ কৃষি বিভাগ আৰু ভুমি সংৰক্ষণ বিভাগক অনুৰোধ জনায়। উল্লেখ্য যে আজি দক্ষিণ কামৰূপৰ বৰটাৰীৰ বিষাক্ত অপতৃণ পাৰ্থেনিয়ামৰ বাতৰি নিউজ লাইভত সম্প্ৰচাৰ হোৱাৰ পিছতে ঘটনাস্হলীত উপস্থিত হয় বকো আৰু ছয়গাঁৱৰ এটি কৃষি বিভাগৰ দল । ঘটনাস্হলীত পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মহকুমা কৃষি বিষয়া হিতেশ ডেকা, কৃষি উন্নয়ন বিষয়া জ্যোতি ঠাকুৰীয়া লগতে ছানিদুল ইছলাম আৰু আজমল হক কৃষক সকলৰ সৈতে এক আলোচনাত মিলিত হৈ অচিৰেই বিষাক্ত অপতৃণ পাৰ্থেনিয়ামৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। লগতে বন ধ্বংসকাৰী কিছু দৰৱ কৃষকসকলৰ মাজত পৰীক্ষামুলক বিতৰণ কৰি দীৰ্ঘদিনীয়া বৰটাৰী অঞ্চলৰ কৃষকসকলৰ সমস্যা পাৰ্যমানে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে।

প্ৰেৰক ভগৱান দাস

Featured