প্ৰখৰ ৰ’দ-শূঁৰ পোকে বিনষ্ট কৰিছে কৃষকৰ খেতি

🔹 কলগাছিয়াত কৃষি বিভাগক ধন্যবাদ খেতিয়কৰ

🔹 দিহা-পৰামৰ্শ দি কীটনাশক দৰব বিতৰণ কৃষি বিভাগৰ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওপুৰ গাঁৱত ক্ষুদ্ৰকুছি কৃষি বিভাগে খেতি পৰিদৰ্শন কৰে। ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে কলগাছিয়া এলেকাৰ খেতি প্ৰখৰ ৰ’দ আৰু শূঁৰ পোকে বিনষ্ট কৰাত খেতিয়কসকলে মূৰে-কপালে হাত দিয়াৰ পৰিস্থিতি হোৱাৰ পাছতেই খেতিয়কসকলে কৃষি বিষয়াক অৱগত কৰে। আজি ক্ষুদ্ৰকুছিৰ কৃষি উন্নয়ন বিষয়া প্ৰাণজিৎ কটকী, ক্ষুদ্ৰকুছিৰ কৃষি সম্প্ৰসাৰণ সহায়ক জিন্নত আলী, শওপুৰ কৃষি সম্প্ৰসাৰণ সহায়ক আবু বক্কাৰ ছিদ্দিকে শওপুৰ গাঁৱৰ খেতিপথাৰত উপস্থিত হৈ কৃষকসকলক বিভিন্ন দিহা-পৰামৰ্শ দি কীটনাশক দৰব বিতৰণ কৰে। কৃষিবিভাগৰ এনে পদক্ষেপৰ বাবে কৃষকে ধন্যবাদ জনায়।

প্ৰেৰক মফিদুল ইছলাম

Featured