নলবাৰী চিকিৎসা মহাবিদ্যালয়ত প্ৰথম মৰণোত্তৰ দেহদান

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ নলবাৰী মেডিকেল কলেজ হাস্পতালত যোৱা ১০ ফেব্ৰুৱাৰীত প্ৰথমটো মৰণোত্তৰ দেহদান সুকলমে সম্পন্ন হয়। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নলবাৰী মেডিকেল কলেজৰ অধ্যক্ষ (প্ৰফেছৰ) ডাঃ বাবুল কুমাৰ বেজবৰুৱাই প্ৰয়াত জ্ঞানদা ডেকাৰ মৰণোত্তৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰে। উল্লেখ যে নলবাৰী জিলাৰ বেলশৰৰ বিশিষ্টা সমাজকর্মী পাটাছাৰকুছি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত শিক্ষয়িত্রী মানৱহিতৈষী জ্ঞানদা ডেকা (৭৮)ৰ কালি মৃত্যু হয়। মৃত্যুৰ আগেয়ে ইলোৰা বিজ্ঞান মঞ্চৰ নলবাৰী শাখাৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ উন্নতি তথা মানৱ কল্যাণৰ হ’কে মৰণোত্তৰ – দেহদানৰ শেষ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰি গৈছিল। সেয়ে তেওঁৰ শেষ ইচ্ছাৰ প্রতি সম্মান জনাই সিদিনা সন্ধিয়া ৬ বজাত নলবাৰী মেডিকেল কলেজত মৰণোত্তৰ দেহদান সুকলমে সম্পন্ন হয়। দেহদান অনুষ্ঠানটোত নলবাৰী মেডিকেল কলেজৰ শিক্ষক-শিক্ষয়িত্ৰী,কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী, পৰিয়ালৰ সদস্য তথা বহুতো বিশিষ্ট ব্যাক্তি উপস্থিত থাকি মানৱদৰদী, মানৱ হিতৈষী বিজ্ঞানক অধিক গতিশীল কৰিব বিচৰা শিক্ষয়িত্ৰীগৰাকীৰ মনোভাৱক সকলোৱে শ্ৰদ্ধা নিবেদন কৰে। আজীৱন শিক্ষাব্ৰতী হিচাপে মানৱ সেৱা কৰি যোৱা জনপ্রিয় মানৱসেবী শিক্ষয়িত্ৰীগৰাকীয়ে মৃত্যুৰ পাছতো মানব কল্যাণৰ হকে মৰণোত্তৰ দেহদানেৰে যি উদাহৰণ সৃষ্টি কৰিলে ৰাইজে তাৰ শলাগ লয়। উল্লেখ্য প্রথমবাৰৰ বাবে নতুনকৈ আৰম্ভ হোৱা নলবাৰী চিকিৎসা মহাবিদ্যালয়ত কালি প্ৰথমবাৰৰ বাবে চিৎিসা বিজ্ঞানৰ উৎকর্ষ সাধন আৰু মানৰ কল্যাণৰ হকে মৰণোত্তৰ দেহদানৰ লেখীয়া মহান অনুষ্ঠান এটি সুসম্পন্ন হ’ল। বিজ্ঞানৰ ছাত্র ছাত্ৰী সকলৰ অধ্যয়নৰ বাবে মৃত্যুৰ পিছত দেহদান কৰা বাবে প্ৰয়াত ডেকাৰ পৰিয়াল আৰু ইলোৰা বিজ্ঞান মঞ্চক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ মাধৱ ৰাজবংশীয়ে। আনহাতে যুক্তিবাদী বিজ্ঞান মানসিকতাৰ অধিকাৰী শিক্ষাবিদ জ্ঞানদা ডেকাৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চই গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেওঁৰ প্রতি শ্রদ্ধা নিবেদন কৰিছে।

প্ৰেৰক বীৰেন কলিতা

Featured