শিবিৰ নহয়, মথাউৰিৰ ওপৰত অনাহাৰ–নিদ্রাত বন্যার্তৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ বিশ্ব মহামাৰীৰ কবলত পৰি দিক্বিদিক হেৰুৱাই পেলোৱা ৰাজ্যবাসীৰ বাবে কাল অমানিশা নমাই আনিছে বানপানীয়ে৷ নেৰানেপেৰা বৰষুণত ওফন্দি উঠা নৈ–উপনৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে এটাৰ পিছত এটাকৈ অঞ্চল৷ বাঢ়নী পানীত একাকাৰ হৈ পৰিছে পথাৰ, ৰাস্তা–ঘাট৷ আটোমটোকাৰিকৈ ৰখা ঘৰখনো বানপানীৰ তলত৷ বছৰটোৰ তৃতীয়টো বানত বিপর্যস্ত হৈ পৰা বন্যার্তই ঘৰখন এৰি আশ্রয় ল’বলগীয়া হৈছে চৰকাৰে স্থাপন কৰা শিবিৰ অথবা ওখ স্থানত৷ ৰাজপথ, মথাউৰি হৈ পৰিছে বহুতৰ বাবে অস্থায়ী ঘৰ৷ প্রতিবছৰে বানে গৰকি যোৱা অসমক সহায়ৰ ন ন আশ্বাস আগবঢ়াই আহিছে চৰকাৰে৷ কিন্তু ইয়াৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈ আহিছে বানপীড়িত৷ প্রতিবছৰে বাৰিষাৰ সময়ছোৱাত বানপানীয়ে ৰাজ্যক জুৰুলা কৰি অহাৰ পিছতো সময়ত চৰকাৰে নোলোৱা প্রতিৰোধ ব্যৱস্থাৰ বাবেই বন্যার্তই হাহাকাৰ কৰিবলগীয়া হৈছে৷

চৰকাৰীভাৱে বান নিয়ন্ত্রণৰ বাবে এটা বিয়াগোম বিভাগ থকাৰ পিছতো সময়ত পদক্ষেপ নোলোৱাৰ বাবে গৰু, ম’হৰে সহাৱস্থান কৰিবলগীয়া হৈছে বানপীড়িতই৷ শেহতীয়াকৈ বানৰ কবলত পৰা জিলাসমূহৰ মথাউৰি অথবা ৰাজপথেৰে ওলাই গ’লেই দেখা যায় বন্যার্তৰ ক্রন্দন৷ আশ্রয় শিবিৰসমূহত চৰকাৰে প্রদান কৰা সা–সুবিধাই প্রয়োজনসাপেক্ষে সকাহ দিব পৰা নাই বানপীড়িতক৷ বহু আশ্রয় শিবিৰত এতিয়ালৈ উচিত পৰিমাণৰ খাদ্যসামগ্রী লাভ নকৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে, সমান্তৰালভাৱে শিশু খাদ্য আৰু পশু খাদ্যৰ অভাৱতো হাহাকাৰ কৰিবলগীয়া হৈছে বন্যার্তই৷ আনহাতে, আশ্রয় শিবিৰৰ পৰিৱর্তে মথাউৰি অথবা ৰাজপথত আশ্রয় লোৱা বানপীড়িতক এতিয়াও ঢুকি পোৱা নাই চৰকাৰী সাহায্যই৷ ক’ৰোনা মহামাৰী, লকডাউনত বিপর্যস্ত হৈ পৰা জনজীৱন এতিয়া পুনৰ বানত জুৰুলা হৈ পৰিছে৷ হঠাৎ অহা বানত কেৱল প্রাণটো হাতত লৈ সুৰক্ষিত স্থানত আশ্রয় লোৱা বন্যার্তই কচু, ঢ়েঁকীয়া খাই কটাবলগীয়া হৈছে জীৱন৷

বিশেষকৈ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ ব্যাপক অঞ্চলৰ ৰাইজে চৰকাৰী সাহায্য অবিহনে কটাবলগীয়া হৈছে দুর্বিষহ জীৱন৷ মানকাচৰ ৰাজহ চক্রৰ অন্তর্গত বৰাইল আলগা, গোটাবাৰী, খোপাপিয়া, হাজিৰহাট, মনিস্থল, নিলখীয়া, টুমনী আদি অঞ্চলসমূহত প্লেটফর্ম, মথাউৰি অথবা ৰাজপথ–দলঙৰ ওপৰত তম্বু টানি আশ্রয় ল’বলগীয়া হৈছে বানপীড়িতই৷ এই লোকসকলে কৰা অভিযোগ অনুসৰি এতিয়াও চৰকাৰৰ পৰা তেওঁলোকে লাভ কৰা নাই পর্যাপ্ত সাহায্য৷ বিগত এমাহে তেওঁলোকে এনেদৰে ৰাজপথ অথবা প্লেটফর্মত আশ্রয় লৈ আহিছে যদিও এতিয়ালৈ মাত্র ৬ দিনৰ বাবেহে ৰেচন যোগান ধৰা বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে জিলা প্রশাসনৰ তৰফৰ পৰা তেওঁলোকক দুটা পর্যায়ত তিনি দিনকৈ খাব পৰাকৈ চাউল, দাইল, নিমখ, মিঠাতেল যোগান ধৰিছে৷ চৰাঞ্চলত বাস কৰা এই লোকসকলৰ বাবে আন এটা গুৰুতৰ সমস্যা হৈছে পশু খাদ্য৷ খেতি–বাতিৰ লগতে পশুপালন এই লোকসকলৰ অন্যতম উপার্জনৰ উৎস৷ কিন্তু গৰু, ম’হৰ বাবে প্রশাসনে কোনোধৰণৰ পশু খাদ্য যোগান ধৰা নাই৷ আনহাতে, বানপানীৰ লগতে এই বৃহৎ অঞ্চলটোৰ বাবে আন এক প্রত্যাহ্বান হৈছে খহনীয়া৷

প্রাপ্ত তথ্য অনুসৰি বামুণডাংগা, দেৱানি আলগা, বৰআলগা, বেৰাভাঙা অঞ্চলৰ ৫০০ পৰিয়ালে খহনীয়াত সর্বস্ব হেৰুৱাবলগীয়া হৈছে৷ দক্ষিণ শালমাৰা–মানকাচৰত্ প্রায় ৫০ হাজাৰতকৈও অধিক লোক ক্ষতিগ্রস্ত হৈছে৷ ইপিনে, বানপানীত ব্যাপকভাৱে ক্ষতিগ্রস্ত হোৱাৰ পিছতো ৰজাঘৰীয়াৰ সহায়–সহযোগ নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰঙিয়াৰ বানপীড়িতয়ো৷ পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে ব্যাপকভাৱে ক্ষতি কৰা ধেপাৰগাঁও, বগৰীবাৰী অঞ্চলত হাহাকাৰ কৰিবলগীয়া হৈছে বানপীড়িতই৷ বিগত ১৮ দিন ধৰি বগৰীবাৰী অঞ্চলৰ শতাধিক লোকে ঘৰ–দুৱাৰ এৰি মথাউৰিত আশ্রয় লৈ থাকিবলগীয়া হৈছে৷ কিন্তু বিগত ১৮ দিনৰ ভিতৰত মাত্র দুদিনৰ বাবেহে ৰেচন লাভ কৰা বুলি বানপীড়িতই অভিযোগ কৰিছে৷

মুঠৰ ওপৰত একাধিক স্থানত বানৰ কবলত পৰি সর্বস্বান্ত হোৱা বন্যার্তই বিনিদ্র ৰজনী কটাবলগীয়া হৈছে৷ বহু স্থানত বানপানীৰ প্রকোপ কমাৰ পিছত উদং ঘৰখনলৈ উভতি মূৰে–কপালে হাত দিবলগীয়া হৈছে বানপীড়িতই৷ কিয়নো বানৰ আগতে এৰি থৈ যোৱা ঘৰখন এতিয়া কেৱল বালি, বোকাৰে ভৰি পৰিছে৷ উল্লেখ্য যে বছৰটোৰ তৃতীয়টো বানত ৰাজ্যত প্রায় ৩০খন জিলা ক্ষতিগ্রস্ত হৈছে৷ কেইবালাখ হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে বানপানীত৷

Featured