বালিপৰাত জলমগ্ন কেইবাখনো গাঁও

নিয়মীয়া বাৰ্তা, ২৭ আগষ্ট : শোণিতপুৰৰ বালিপৰা অঞ্চলত দুদিন ধৰি অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। উল্লেখ্য যে কালি পুৱাৰেপৰা বালিপৰাৰ কেইবাখনো গাঁও জৰাসৰ নৈৰ বানত বুৰ গৈছিল। জৰাসৰ নৈৰ বানত বুৰ গৈছিল ক্ৰমে বামগাঁও, উদমাৰী গাঁও, কমাৰীগাঁও, ঢেকেৰী গাঁও, দীঘলী গাঁও, দীঘলী বালিজান, দীঘলী মানশিৰি গাঁও ইত্যাদি। আজিও উক্ত গাঁওসমূহৰ জনতাই পানীৰ মাজতে দুৰ্বিসহ জীৱন পাৰ কৰিবলগীয়া হৈছে। প্ৰশাসন, একাংশ দল-সংগঠনে খাদ্যৰ ব্যৱস্থা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে গাড়ীৰে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিছে যদিও সেয়া জনসংখ্যা অনুপাতে পৰ্যাপ্ত নহয়। ফলত বানপীড়িত ৰাইজে জনসংখ্যা অনুপাতে খাদ্য, নিৰাপদ স্থানৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে। জৰাসৰে বাৰম্বাৰ ভাঙিছে দীঘলী বালিজান অঞ্চলৰ মাটিৰ মথাউৰি। বাতৰি লিখাৰ সময়তো জৰাসৰৰ পানীৰ মাজতে আৱদ্ধ হৈ আছে বানপীড়িত বালিপৰা অঞ্চলৰ ৰাইজ । এতিয়াও বান ডুব গৈছে আছে বালিপৰা শিক্ষাখণ্ডৰ কমাৰীগাঁও প্ৰাথমিক বিদ্যালয় আৰু দীঘলী বালিজান প্ৰাথমিক বিদ্যালয়। পাঠদানৰ অভাৱত ছাত্ৰ-ছাত্ৰীৰ মাজত এক প্ৰশ্নবোধক চিহ্নৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে। একেদৰে জৰাসৰ নৈৰ সমান্তৰালভাৱে ফেনে-ফোটোকাৰে বাঢ়িছে বালিপৰা সমীপৰে বৈ যোৱা মানশিৰি নৈ। সন্ধ্যা সময়লৈকে মানশিৰি বাঢ়নী পানীয়ে বুৰাই পেলাইছে ভকতগাঁৱৰ সমীপৰ ভাৰতীয় সেনাবাহিনীৰ কেম্পৰ অৰ্ধাংশ। মানশিৰি পানী যিকোনো মূৰ্হুততে ভকতগাঁও, দীঘলী মানশিৰি, বুঢ়াগাঁও। খৈলামাৰী, নতুন চান্দমাৰী গাঁৱত নিশাৰ ভিতৰতে প্ৰৱেশ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰাত গাঁওসমূহৰ ৰাইজৰ মাজত এক চেপা উত্তেজনাই বিৰাজ কৰিছে। একাংশ লোকে আকৌ বানৰ আশংকা কৰি নিজৰ প্ৰয়োজনীয় সামগ্ৰী আৰু পশুধন ওখ ঠাইত ৰাখি অনাকাংক্ষিত বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হোৱা বুলি এই প্ৰতিবেদকক জানিবলৈ দিছে । উল্লেখ্য যে প্ৰতিবছৰে জৰাসৰ আৰু মানশিৰি নৈয়ে বালিপৰাৰ বিভিন্ন অঞ্চলত ভয়াৱহ বানৰ সৃষ্টি কৰি অহাৰ পিছতো কোনো এজন বিধায়ক, স্থানীয় জনপ্ৰতিনিধিয়ে বালিপৰাৰ বানৰ স্থায়ী তথা বিজ্ঞানসন্মত সমাধান সূত্ৰ উলিয়াবলৈ সক্ষম নোহোৱাত ৰাইজে প্ৰতিবছৰে বানত দুৰ্ভোগ ভূগিবলগীয়া হৈছে। ইফালে বালিপৰাৰ বানপীড়িতৰ মাজত উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই। পদ্ম হাজৰিকাই দলীয় কাৰ্যকৰ্তাসকল, ৰাইজক লগত লৈ ক্ৰমে (সদ্যঘোষিত নদুৱাৰ সমষ্টিৰ অন্তৰ্গত) বালিপৰা অঞ্চলৰ কমাৰীগাঁও, ঢেকেৰী গাঁও, বালিপৰা চেন্টাৰ ইত্যাদি পৰিদৰ্শন কৰি বালিপৰাৰ বান সমস্যাৰ স্থায়ী সমাধানৰ বিষয়ত আলোচনাত মিলিত হয়। লগতে বিধায়কগৰাকীয়ে অনাগত দিনত বৈজ্ঞানিক ব্যৱস্থাপনাৰে বান সমস্যাৰ সমাধানৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। একেদৰে বিধায়কগৰাকীয়ে মহানুভৱতাৰ পৰিচয় দাঙি ধৰি চাৰিদুৱাৰৰ ঔহলা গাঁও নামঘৰ প্ৰাংগণত দলীয় কাৰ্যকৰ্তাসকলক লগত লৈ সকলো বানপীড়িত ৰাইজৰ বাবে খাদ্য গ্ৰহণৰো সুব্যৱস্থা কৰে ।

প্ৰেৰক প্ৰাঞ্জল বৰা

Featured