ভূৰাগাঁৱৰ নিজ চহৰীয়াত বান সাহায্য প্ৰদান

🎯 মৰিগাঁৱৰ চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন এছ এছ ইউনিটৰ উদ্যোগ আৰু বিদ্যালয় পৰিয়ালৰ সহযোগ

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ বিভিন্ন জনসচেতনামূলক কাৰ্য সম্পাদন কৰি অহা মৰিগাঁও জিলা চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন এচ এচ ইউনিট আৰু বিদ্যালয় পৰিয়ালে আজি জিলাখনৰ বানপীড়িত অঞ্চল ভূৰাগাঁৱৰ নিজ চহৰীয়াত বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহায্য প্ৰদান কৰে। চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰেখামণি বুঢ়াগোহাঁই, সহকাৰী শিক্ষক প্ৰবীণ দেৱনাথ, বনি কোঁৱৰ, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমনি নাথৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থকা বান সাহায্য প্ৰদান কাৰ্যসূচীত চিৰা, চেনি, বিস্কুট, মুড়ি আদি খাদ্য সামগ্ৰীৰ লগতে চাৰ্ফ, চাবুন, চেম্পু, ম’হ খেদা ধূপ, ব্লিচিং, নেপকিন উপৰি বস্ত্ৰ প্ৰদান কৰা হয়। অঞ্চলটোৰ প্ৰায় ডেৰ শতাধিক পৰিয়ালৰ মাজত বিতৰণ কৰা বান সাহায্য প্ৰদান কাৰ্যসূচীত নিজ চহৰীয়া গাঁও উন্নয়ন সমিতিৰ সভাপতি চেনিৰাম নাথ, সমাজ সৰবৰহী যুৱক অৰুণ কুমাৰ নাথ, ছাত্ৰ নেতা নৱ নাথকে আদি কৰি ভালেসংখ্যক লোক উপস্থিত থাকে। উল্লেখ্য যে চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন এছ এছ ইউনিট গোটৰ দ্বাৰা চৰকাৰী গৰম বন্ধৰ মাহটোত কেইবাটাও জনসচেতনা মূলক কাৰ্যসূচী গ্ৰহণ কৰি অভিভাৱকসকলৰ লগতে অঞ্চলবাসীৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। বিশেষকৈ বিদ্যালয়খনৰ এন এছ এছ ইউনিটটোৰ দ্বাৰা নিজ চৰাইবাহী, চৰাইবাহী নাথ সাংস্কৃতিক প্ৰকল্প, শংকৰ মন্দিৰ আদিৰ কেইবাটাও স্থানত স্বচ্ছ ভাৰত অভিযান, এক বিস্তৃত অঞ্চলত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰি জনসমাদৃত হৈছে।

প্ৰেৰক আবুল কালাম

Featured