টিহুত বন্যাৰ্তৰ দুৰ্দশাৰ বুজ ল’লে জিলা আয়ুক্ত বৰ্ণালী ডেকাই

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ জুনঃ বুঢ়াদিয়া আৰু কালদিয়া নৈয়ে বুৰাই পেলোৱা টিহু অঞ্চলৰ বিস্তীৰ্ণ এলেকা আজি পৰিদৰ্শন কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই৷ বিগত কিছুদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত নৈৰ পানীয়ে বুৰাই পেলায় নৱগঠিত টিহু বিধানসভা সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল৷ বছৰৰ প্ৰথমটো বানৰ কৱলত পৰা লোকসকলৰ আজি মনৰ কথা জানিবলৈ চেষ্টা কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই৷ আজি নেৰানেপেৰা বৰষুণৰ মাজেৰে আয়ুক্তগৰাকীয়ে টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত টিহু, মাক্ৰাপাৰ, সন্ধেলী, হাৰিভাংগা, পূব বৰপীত, পশ্চিম বৰপীত আদি বানপীড়ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ লগত মত- বিনিময় কৰে৷ জিলা আয়ুক্ত বৰ্ণালী ডেকাই বন্যাৰ্তসকলৰ সমস্যাৰ বুজ লৈ তেওঁলোকক সকলো প্ৰকাৰে পাৰ্যমানে সহায় কৰাৰ আশ্বাস প্ৰদান কৰে৷ বন্যাৰ্তসকলৰ যিকোনো দুৰ্যোগ সম্পৰ্কত জিলা প্ৰশাসনে মুকলি কৰা ১০৭৭ আৰু ০৩৬২৪-২২০২১৯ হেল্পলাইন নম্বৰত সকলো কথা বিবৰী ক’বলৈ কয়৷ বন্যাৰ্তসকলক আতংকিত নহ’বলৈ আহ্বান জনায় সজাগ আৰু সচেতন হৈ থাকিবলৈ কয়৷ উল্লেখযোগ্য যে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই আজি মুষলধাৰ বৰষুণকো নেওচি হাতত ছাতি লৈ বন্যাৰ্তসকলৰ কাষত উপস্থিত হয় আৰু তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰে৷ প্ৰতিকুল বতৰৰ মাজতো জিলা আয়ুক্তগৰাকীৰ এনে পদক্ষপক অঞ্চল সমূহৰ ৰাইজে প্ৰশংসা কৰে ৷ অঞ্চলসমূহৰ বন্যাৰ্তসকলৰ সমান্তৰালভাৱে পশুধনৰ খাদ্যৰ নাটনি সম্পৰ্কতো জিলা আয়ুক্ত বৰ্ণালী ডেকাই গুৰুত্ব আৰোপ কৰা দেখা যায় ৷

Featured