ধুবুৰীত শ্যামলা সুন্দৰী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা

 🔹 বিহাৰৰ কাটিহাৰক হৰুৱাই এ এছ ই বি গুৱাহাটী ছেমি ফাইনেলত

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ : ধুবুৰীৰ স্থানীয় ৰজা প্ৰভাত চন্দ্ৰ খেলপথাৰত শ্যামলা সুন্দৰী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাখনৰ আজিৰ চতুৰ্থ তথা অন্তিম কোৱাৰ্টাৰ ফাইনেল খেলখন এ এছ ই বি গুৱাহাটী আৰু বিহাৰৰ কাটিহাৰৰ মাজত অনুষ্ঠিত হয়। খেলখনত এ এছ ই বি  গুৱাহাটীয়ে বিহাৰৰ কাটিহাৰক হেলাৰঙে ৩-০ গ’লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। প্ৰতিযোগিতাখনৰ কাইলৈৰ প্ৰথমখন ছেমি ফাইনেলত ধুবুৰীৰ এভাৰগ্ৰীন ক্লাব আৰু অইল এফ চি দুলীয়াজান মুখামুখি হ’ব।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured