কাছাৰত বলপূৰ্বক লাভ জেহাদ : দুই ছাত্ৰীক মিজোৰামত নি শ্লীলতাহানি

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰ : কাছাৰত বলপূৰ্বক লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে। অসম-মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ লাইলাপুৰৰ দুগৰাকী ছাত্ৰীক এখন গাড়ীৰে অপহৰণ কৰি লৈ গৈ শ্লীলতাহানিৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ধলাই সমষ্টিৰ লাইলাপুৰৰ দুজন যুৱকে ভিন্নধৰ্মী দুগৰাকী ছাত্ৰীক বিলাসী গাড়ীত উঠাই মিজোৰামৰ ভাইৰেংটিলৈ গৈ শ্লীলতা হানি চলোৱাৰ অভিযোগ কৰিছে ছাত্ৰী দুগৰাকীৰ মোমায়েক দীনেশ ৰাইয়ে। তেওঁ এই সন্দৰ্ভত লাইলাপুৰ আৰক্ষী চকীত এখন এফআইআৰ দাখিল কৰিছে। তেওঁ এফআইআৰত উল্লেখ কৰে যে ১৭ ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজাৰ পুৱা ৯ বজাৰ সময়ত স্কুললৈ গৈ থকা অৱস্থাত ভাগিনী দুগৰাকীক আজাদ হুছেইন বৰভূঞা নামৰ এজন যুৱকে নিজৰ ক’লা ৰঙৰ এখন গাড়ীৰে বলপূৰ্বকভাৱে তুলি লৈছিল। লগতে আন এজন যুৱক ৰুয়েল আমিন লস্কৰ কথাও উল্লেখ কৰে তেওঁ। হাৱাইথাং বজাৰ হৈ তেওঁলোকে ভাইৰেংটিলৈ যায় আৰু লগতে দুয়োকে এটা কোঠাত ৰাখি বেয়া ব্যৱহাৰ কৰা হৈছে। প্ৰায় দুই-তিনি ঘণ্টাৰ পিছত চণ্ডীঘাট তিনি আলীত সিহঁতক এৰি যায়। তেওঁ এফ আই আৰত উল্লেখ কৰে যে আজাদে ইয়াৰ পূৰ্বেও এবাৰ এনে কাৰ্য সংঘটিত কৰিছিল।আনহাতে স্থানীয় সূত্ৰই জনোৱা মতে, লাইলাপুৰত বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আছে আৰু সেই উপলক্ষে আজাদে অঞ্চলটোলৈ আহিছিল। হিন্দুত্ববাদী সংগঠনৰ নেতা অমলেন্দু দাসে যুৱক দুজনক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনায়।

প্ৰেৰক গৌতম তালুকদাৰ

Featured