২ মাহৰ অন্তত GMCH ৰ পৰা ঘৰলৈ উভতিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ অৱশেষত তৰুণ গগৈক চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি। সম্পূৰ্ণ দুমাহ ধৰি GMCHত চিকিৎসাধীন তৰুণ গগৈক আজি ঘৰলৈ যোৱাৰ অনুমতি দিলে চিকিৎসকে।

অৱশ্যে ঘৰলৈ যোৱাৰ পিছতো চিকিৎসকৰ তত্বাৱধানত থাকিব লাগিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

উল্লেখ্য যে ক’ভিড-১৯ ত আক্ৰান্ত হৈ যোৱা ২৪ আগষ্টত চিকিৎসালয়ত ভৰ্তি হৈছিল তৰুণ গগৈ। পাছত তেওঁ ক’ভিড-১৯ ৰ পৰা সুস্থ হৈছিল যদিও আনুষংগিক শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়তে ভৰ্তি হৈ আছিল ২ মাহ ধৰি।

Featuredformer CM Tarun Gogoi