মানকাচৰৰ প্ৰাক্তন বিধায়িকা হোছেনাৰা ইছলামৰ দেহৱসান

নিয়মীয়া বাৰ্তা, ১৭ জুন : আজি পুৱা প্ৰায় ৬:৩০ বজাত অসমৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত জহিৰুল ইছলামৰ সহধৰ্মিণী তথা মানকাচৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ মাতৃ মানকাচৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা হোছেনাৰা ইছলামে মৃত্যুক আঁকোৱালি লয়। দীৰ্ঘদিন ধৰি প্ৰাক্তন বিধায়িকাগৰাকী গুৱাহাটীত চিকিৎসাধীন হৈ আছিল। আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হাস্পতালত প্ৰাক্তন বিধায়িকা হোছেনাৰা ইছলামে মৃত্যুক আঁকোৱালি লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮১ বছৰ আছিল। তেওঁ পাঁচগৰাকী পুত্ৰ,বোৱাৰী, নাতি নাতিনী আত্মীয়-স্বজনক এৰি যায়। তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাত এক শোকৰ ছাঁ বিৰাজ কৰিছে। জিলাবাসীয়ে তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

প্ৰেৰক ফাৰহাদ আহমেদ

Featured