ৰঙিয়াত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো অসুস্থ, আইচিইউত ভৰ্তি

নিয়মীয়া বাৰ্তা, ৯ মে’ : প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । ৰঙিয়াৰ স্বস্তি হাস্পতালত ভৰ্তি কৰোৱা হয় প্ৰাক্তন মন্ত্ৰীগৰাকীক । দীৰ্ঘদিনে হৃদৰোগত ভুগি আছিল প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো । দেহৰ বিভিন্ন অংগত পানী জমা হৈছে প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ । আজি দিনৰ ভাগত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে থানেশ্বৰ বড়োৰ । অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা আৰু ৰাজহ বিভাগৰ মন্ত্ৰীৰ লগতে ৰঙিয়া সমষ্টিৰ ৩বাৰকৈ বিধায়ক আছিল থানেশ্বৰ বড়ো ।

প্ৰেৰক ফাৰুক হুছেইন

 

 

Featured