বাঘবৰৰ ব্ৰহ্মপুত্ৰ ভেলী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ৩ জুলাই : বৰপেটা জিলাৰ বাঘবৰৰ সত্ৰকনৰাস্থিত ব্ৰহ্মপুত্ৰ ভেলী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ছোহৰাব আলী আহমেদ(৬৩)ৰ দেহৱসান ঘটে। উল্লেখ্য যে সত্ৰকনৰা ৬নং চিটৰ নিৱাসী তথা ব্ৰহ্মপুত্ৰ ভেলী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষগৰাকী বিগত কিছুদিন ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়তে চিকিৎসাধীন হৈ আছিল। দুৰ্ভাগ্যবশতঃ সোমবাৰে নিশা চিকিৎসাধীন অৱস্থাতেই নিয়তিৰ ওচৰত হাৰ মানিবলগীয়া হয় প্ৰাক্তন অধ্যক্ষগৰাকীয়ে। সমাজহিতৈষী তথা মানৱদৰদী ছোহৰাব আলী আহমেদে কেৱল শিক্ষা ব্যৱস্থাৰ লগত জড়িত নহৈ সমাজৰ বিভিন্ন উন্নয়নমূলক কামৰ লগত নিজকে ওতপ্ৰোতভাৱে জড়িত কৰাৰ প্ৰয়াস কৰিছিল। প্ৰাক্তন অধ্যক্ষগৰাকী সত্ৰকনৰা-কল্পনা আঞ্চলিক কবৰস্থানৰ সভাপতিৰ লগতে বাৰাকাটা চাৰিআলিৰ নিৰ্মীয়মাণ মছজিদৰ নিৰ্মাণ কমিটীৰ সভাপতিৰো দায়িত্বত আছিল। শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ ভেলী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে মৰুদ্যান জাতীয় বিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বভাৰো গ্ৰহণ কৰিছিল। প্ৰাক্তন অধ্যক্ষগৰাকীৰ এনে অকাল বিয়োগত এতিয়া শোকস্তব্ধ সমগ্ৰ সত্ৰকনৰাবাসী । সচেতন ৰাইজৰ মতে, তেওঁৰ বিয়োগ সমাজৰ কাৰণে এক অপূৰণীয় ক্ষতি। সত্ৰকনৰা-কল্পনা আঞ্চলিক কবৰস্থানত প্ৰায় তিনি হাজাৰ লোকৰ উপস্থিতত তেওঁৰ জানাজা সম্পন্ন হয়। মৃত্যুৰ সময়ত তেওঁ সহধৰ্মিণী,এগৰাকী পুত্ৰ সন্তান, দুগৰাকী কন্যা সন্তানসহ যথেষ্ট গুণমুগ্ধক ইহসংসাৰত এৰি যায়।

প্ৰেৰক আব্দুল আজিজ আহমেদ

Featured