নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত-পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন

বিশেষ বাৰ্তা, ২৮ মেঃ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস অলপতে বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয়। সংস্কৃত আৰু পুৰাতন অধ্যয়নৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়োৱা এই বিশ্ববিদ্যালয়খনে জিলাৰ লগতে ৰাজ্যখনত নিজৰ নাম উজলাবলৈ সক্ষম হৈছে। ২৫ মে’ত স্থাপন হোৱা বিশ্ববিদ্যালয়খনৰ এইবাৰৰ প্ৰতিষ্ঠা দিৱস আছিল দ্বাদশতম। এই উপলক্ষে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰহ্লাদ যোশীয়ে আদৰণী ভাষণত বিশ্ববিদ্যালয়খনৰ বিভিন্ন দিশত বিগত বৰ্ষৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰাৰ উপৰি উক্ত অনুষ্ঠানতেই সন্মানীয় উপাচাৰ্যই এঘাৰজন বৰেণ্য বিশিষ্ট সংস্কৃত পণ্ডিতক ফুলাম গামোচা, শৰাই, চেলেং চাদৰ আৰু মানপত্ৰেৰে সম্বৰ্ধনা জনায়। উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ উদ্যোগত সংস্কৃত ভাষাৰ বিকাশ, প্ৰচাৰ আৰু প্ৰসাৰৰ নিমিত্তে নতুনকৈ গঢ় লৈ উঠা কনকলতা বৰুৱা বালকেন্দ্ৰৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে সংস্কৃত ভাষাত গীত-নাট প্ৰদৰ্শনেৰে চমক সৃষ্টি কৰি উপস্থিত ৰাইজক মুগ্ধ কৰে। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাস আৰু শৈক্ষিক আৰু সামাজিক জীৱনৰ লগত জড়িত আন কেইবাজনো বিশিষ্ট গুণমুগ্ধ ব্যক্তি। তাৎপৰ্যপূৰ্ণ যে বয়োজেষ্ঠ পণ্ডিতসকলে উপাচাৰ্যৰ এই কামত আৱেগিক হৈ পৰে আৰু অনুষ্ঠানটো জীপাল কৰি তোলে৷ বিশ্ববিদ্যালয়ৰ সংস্কৃত দৰ্শন বিভাগৰ সহকাৰী অধ্যাপক ড০ চিৰঞ্জীৱী অধিকাৰীয়ে আঁত ধৰা অনুষ্ঠানত ধন্যবাদ জ্ঞাপন কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ মদন চন্দ্ৰ বড়োৱে।

Featured