বৰদুৱাৰ বাগানত প্ৰজ্ঞান কলাকেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস

নিয়মীয়া বাৰ্তা, ১ জুলাই : কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অসম-মেঘালয় সীমান্তৱৰ্তী বৰদুৱাৰ বাগানত আজি প্ৰজ্ঞান কলাকেন্দ্ৰৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ ৰাভা হাছং এলেকাৰ অনগ্ৰসৰ অঞ্চলটোৰ নৱপ্ৰজন্মৰ কেইগৰাকীমান চিন্তাশীল যুৱকে এক আলোকসন্ধানী যাত্ৰাৰ প্ৰয়াসেৰে উক্ত কেন্দ্ৰটো গঢ়ি তুলিছিল ৷ বিশেষকৈ অঞ্চলটোৰ শিশু, কিশোৰ-কিশোৰীসকলক গীত-নৃত্য, চিত্ৰকলাকে ধৰি কলা সাধনাৰ বিকাশ আৰু উত্তৰণৰ এক গতিশীল চৰ্চাৰ ধাৰাবাহিকতা ৰক্ষা কৰি দুটাকৈ বছৰ পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ৷ এই উপলক্ষে কেন্দ্ৰটোৰ ফালৰ পৰা অভিভাৱক ৰাইজৰ সহযোগত কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে কামৰূপ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি মাণিক উৰাঙে ৷ কেন্দ্ৰটোৰ সভাপতি তথা শিক্ষক জিণ্টু কলিতাই বন্তি প্ৰজ্বলন কৰাৰ উপৰি গছপুলি ৰোপণ কৰে স্থানীয় সমাজকৰ্মী ৰবীন শালৈয়ে ৷ ইফালে, আদিবাসী নেতা মাণিক উৰাং আৰু ৰবীন শালৈয়ে বক্তব্য প্ৰদান কৰে ৷ কেন্দ্ৰটিৰ সচিব অক্ষয় কুমাৰ দাসে পৰিচালনা কৰাৰ লগতে কেন্দ্ৰটিৰ সংগীত শিক্ষক সুৰজিত ৰাভাই এটি সুমধুৰ সংগীত পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ৷

প্ৰেৰক নুৰুল ইছলাম

Featured