কৰিমগঞ্জত বাংলাদেশীক ভাৰতত প্ৰৱেশ কৰোৱা চাৰি দালালক আটক

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰ : বাংলাদেশীক অবৈধভাবে সীমান্ত অতিক্ৰম কৰোৱাই ভাৰতত অনুপ্ৰৱেশ কৰোৱা ৪ কুখ্যাত দালালক গ্ৰেপ্তাৰ কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে। দীর্ঘদিন ধৰি অবৈধ বাবে মেঘালয় সীমান্তৰে বাংলাদেশীক ভাৰতত সোমুৱাই দেশৰ বিভিন্ন ঠাইত যোৱাৰ ব্যবস্থা কৰি দিছিল এটি দালাল চক্ৰই। দেওবাৰে কৰিমগঞ্জৰ বদৰপুৰৰ পৰা এজন দালালক কৰায়ত্ব কৰি সেইজনক শোধাপোচা কৰাত সকলো তথ্য পোহৰলৈ আহিছে। লাভ কৰা তথ্য মতে বদৰপুৰ আৰক্ষীয়ে সোমাবাৰ বিয়লি ভাগত কাছাৰ জিলাৰ কালাইন থানা এলাকাৰ খেলমা গাঁৱৰ পৰা  তিনি দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কৰিমগঞ্জ আৰক্ষী । গ্ৰেপ্তাৰ হোৱা আন্তঃৰাষ্ট্ৰীয় দালাল চক্ৰৰ সদস্যসকলৰ নাম জামিল আহমেদ ওৰফে মনা (২৮),  মেহেবুল আলম (২৬ ), কপিল উদ্দিন (৪৬) আৰু টিটু ৰয় (২৫ )। উল্লেখ্য যে দেওবাৰে নিশা কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচনৰ পৰা চাৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰিছিল কৰিমগঞ্জ আৰক্ষীয়ে৷ মেঘালয়ৰ ৰাতাছড়া এলাকাৰ ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধভাবে প্ৰবেশ কৰিছিল চাৰিগৰাকী বাংলাদেশী। আটক কৰা সেই বাংলাদেশীসকলৰ পৰা জানিব পাৰে কিদৰে অবৈধ ভাবে প্ৰবেশ কৰিছে। আৰক্ষীয়ে বাংলাদেশীকেইজনক জেৰা কৰি ভাৰতত অনুপ্ৰৱেশ কৰাত সহায় কৰা দালাল কেজনৰ তথ্য উলিয়াবলৈ সক্ষম হয়। আৰু সেই সূত্ৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসৰ নেতৃত্বত বদৰপুৰ আৰক্ষীয়ে অভিযান চলাই প্ৰথমে বদৰপুৰৰ কোনাপাড়া গাঁৱৰ কুখ্যাত জামিল আহমেদ ওৰফে মনা (২৮) নামৰ এজন দালালক গ্ৰেপ্তাৰ কৰে। জামিল আহমেদ নামৰ দালালজন অট’ৰিক্সা চালক । পিছে জামিলক জেৰা কৰি বাকী তিনিজনক সোমবাৰে বিয়লি ভাগত কৰিমগঞ্জ আৰক্ষীয়ে কাছাৰ জিলাৰ খেলমা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি বাংলাদেশৰ পৰা মেঘালয়ৰ ৰাতাছৰা সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি অহা বাংলাদেশী লোক ঘৰত ৰাখি ভাৰতৰ বিভিন্ন প্ৰান্তলৈ পঠোৱাত সহায় কৰি আহিছিল কুখ্যাত দালাল চক্ৰটোই। আৰক্ষী সুত্ৰে জানিব পৰা মতে, দালালকেইজনে হোৱাটছ‌এপ কলৰ জৰিয়তে বাংলাদেশীৰ সৈতে যোগাযোগ কৰি, ভুৱা আধাৰ কাৰ্ড বনোৱা, কেতিয়া ভাৰতত সোমাব পাৰিব , এনে ধৰনৰ সকলো তথ্য যোগান ধৰাৰ লগতে ৰেলৰ টিকট যোগান দি বদৰপুৰ ৰেল জংচনৰ পৰা ভাৰতৰ বিভিন্ন প্ৰান্তত যোৱাৰ ব্যবস্থা কৰি দি আহিছিল। লগতে দালাল কেইজনো বাংলাদেশী সকলক মেঘালয়ৰ ৰাতাছৰা দি ভাৰত সীমান্ত পাৰ কৰাই ২০ কিলোমিটাৰ নিলগত কাছাড় জিলাৰ কালাইন এলেকাত দুই এদিন থকাৰো ব্যবস্থা কৰি দি আহিছিল। পৰবৰ্তীত অট’ৰিক্সা কৰি বদৰপুৰ ৰেল ষ্টেচনত আনি ৰেলত উঠাই দিছিল। আৰক্ষীয়ে দালাল কেইজনৰ পৰা মোবাইল ফোন জব্দ কৰি ভালেমান বাংলাদেশী নাগৰিকৰ কন্টেক্ট নম্বৰ, অডিঅ’ বাৰ্তা, ৰেলৰ টিকট আদিৰ সন্ধান পাইছে ।
প্ৰেৰক অসীম দেব