মাজুলীত ভয়ংকৰ অগ্নিকাণ্ডত চাৰিটা বাসগৃহ ভস্মীভূত

নিয়মীয়া বাৰ্তা, ২৭  আগষ্ট : মাজুলীৰ গড়মূৰ আৰক্ষী থানাৰ অন্তৰ্গত চেলেক চাপৰিত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত চাৰিটাকৈ বাসগৃহ ভস্মীভূত হয় ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে  একেটা পৰিয়ালৰ ক্ৰমে জিতেন দলে, বাবাই দলে, বেলুন দলে, বিয়লা দলেৰ চাৰিটাকৈ ঘৰ অগ্নিকাণ্ডত জাহ যায়। এই অগ্নিকাণ্ডত কুকুৰা, হাঁহ, ছাগলী, ধান, সৰিয়হৰ লগতে শাৰীৰিকভাৱে বাধাগ্ৰস্ত জিতেন দলেৰ জীয়ৰীৰ বিয়াৰ আ-অলংকাৰ, গহনা, আচবাব সকলো নিমিষতে পুৰি ছাই হয়। যাতায়াতৰ দুৰৱস্থাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰে যদিও ভগা দলঙৰ ওপৰেৰে অগ্নিনিৰ্বাপক বাহিনীৰ এটি মটৰ নি জুই নুমুৱাবলৈ সক্ষম হয়। বাতৰি যুগুত কৰা সময়লৈকে বিদ্যুৎ বিভাগৰ কোনো লোক ঘটনাস্থলীত উপস্থিত হোৱা নাই।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
Featured