ধূপধৰাত ভূমিকেন্দ্ৰিক মাৰপিট, আহত চাৰি

🔹 বাইক দুৰ্ঘটনাত এটা ফৈদৰ তিনিজন গুৰুতৰভাৱে আহত

নিয়মীয়া বাৰ্তা, ২৯ জুন : গোৱালপাৰা জিলাৰ ধূপধৰা থানাৰ অন্তৰ্গত চেলাবড়ীত এডোখৰ মাটিক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত আজি সংঘটিত হয় প্ৰচণ্ড মাৰপিট। মাৰপিটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মুঠ চাৰিজন লোক। ধূপধৰা আৰক্ষীৰ লগতে স্থানীয় লোকৰ তৎপৰতাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক ধূপধৰাৰ বিকালী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত চাৰিগৰাকী লোককে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।মাৰপিটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকল ক্ৰমে ছমিৰুল ইছলাম, শহিনুৰ ইছলাম,  দিলৱাৰ হুছেইন আৰু ৰাজনুৰ ইছলাম। পৈতৃক সম্পত্তি হিচাপে ভূমিখিনিৰ বিবাদ চলি থকাৰ মাজতে সম্পৰ্কীয় দুই ফৈদৰ মাজত এই মাৰপিটৰ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ আনহাতে, মাৰপিটৰ ঘটনাৰ এটা ফৈদৰ তিনিজন লোকে বাইকেৰে পদুপাৰা বজাৰৰ ফালে গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত বাইক চালকৰ লগতে আন দুগৰাকী আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্ত লোকসকল ক্ৰমে আক্ৰাম হুছেইন, মহিবুল ইছলাম আৰু ফাৰুক আহমেদ। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ বিকালী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে তিনিওগৰাকী লোককে গুৱাহাটীলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS-01FL-6956। উল্লেখ্য যে এটা ফৈদে বিভিন্ন ঠাইৰ পৰা ভাৰাতীয়া গুণ্ডা আনি এই মাৰপিট সংঘটিত কৰাৰ অভিযোগ উত্থাপন  কৰিছে একাংশ স্থানীয় লোকে।

প্ৰেৰক পংকজ মাহাতো

Featured