অহা বাৰিষাৰ পূর্বেই সম্পূর্ণ হ’ব উজনিৰ ফ’ৰলেনৰ কাম

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰঃ অহাবছৰ বাৰিষাৰ পূর্বেই উজনি অসমৰ ফ’ৰলেনৰ কাম সম্পূর্ণ কৰিব বুলি এনআইডিচিএলে জনাইছে৷ সদনত বিধায়ক বিশ্বজিৎ ফুকনৰ এক প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নুমলীগড়ৰ পৰা ডিব্রুগড়লৈ চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ কাম ভূমি অধিগ্রহণ আৰু ইউটিলিটী ছিফটিঙত হোৱা সমস্যাৰ বাবে বহু দিনলৈ কাম আৰম্ভ কৰিব পৰা হোৱা নাছিল৷ পৰৱর্তী পর্যায়ত সেই সমস্যা বিজেপি চৰকাৰে আঁতৰায় যদিও তাৰ পাছতেই ক’ভিড আহে৷ ইয়াৰ পাছত কম নিৰিখত কামৰ আবণ্টন লোৱা ঠিকাদাৰ প্রতিষ্ঠান আঁতৰি যায়৷ ইয়াৰ বাবেই উজনি অসমত ফ’ৰলেনৰ কামত বিলম্ব হৈ আছে৷ মুখ্যমন্ত্রীৰ দায়িত্ব লোৱাৰ পাছত তেওঁ এতিয়ালৈ কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিক আঠবাৰ সাক্ষাৎ কৰি সেই বিষয়ে অৱগত কৰাৰ লগতে এনআইডিচিএলকো সেই বিষয়ে অৱগত কৰিছে৷ এনআইডিচিএলে এবছৰৰ ভিতৰত কাম সম্পূর্ণ কৰাৰ প্রতিশ্রুতি দিছে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এনআইডিচিএলে যিদৰে এই কাম কৰিব লাগিছিল, তেনেদৰে কৰিব পৰা নাই৷ অহা মাহত তেওঁ পুনৰ কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিক সাক্ষাৎ কৰিব বুলি উল্লেখ কৰে৷ এইক্ষেত্রত তেওঁ বিধানসভাৰ অধ্যক্ষক উজনি অসমৰ বিধায়কসকলক লৈ এনআইডিচিএলৰ বিষয়াক মাতি আনি আলোচনাত বহিবলৈও অনুৰোধ জনায়৷মূলতঃ সেই পথছোৱাৰ নির্মাণকার্য নির্ধাৰিত সময়ত যাতে এনআইডিচিএলে সম্পূর্ণ কৰিব পাৰে তাৰ বাবেই বিধানসভাৰ অধ্যক্ষক তেনে পদক্ষেপ গ্রহণ কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই অনুৰোধ জনায়৷ আনহাতে, বিধায়ক পদ্ম হাজৰিকাই উত্তৰ অসমৰ ফ’ৰলেন নির্মাণৰ ক্ষেত্রতো অনুৰূপ ব্যৱস্থা ল’বলৈ অনুৰোধ জনায়৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে উজনি অসমৰ তুলনাত উত্তৰ অসমত কাম–কাজৰ কিছু অগ্রগতি হৈছে৷ যোগীঘোপা, গোৱালপাৰা আদিতো এনআইডিচিএলৰ কাম–কাজ সন্তোষজনক বুলি মুখ্যমন্ত্রী ড০ শর্মাই সদনত প্রকাশ কৰে৷

Featured