নগাঁৱত গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত চাৰি 

বিশেষ বাৰ্তা, ১২ জানুৱাৰী : ভোগালী বিহুৰ প্ৰাকক্ষণত নগাঁৱৰ কন্দলিত এক অঘটন সংঘটিত হয় ৷ কন্দলিৰ ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় চাৰি কিশোৰ-কিশোৰী ৷ এই গ্ৰেনেড বিস্ফোৰণত ৰঞ্জু মুডী, মংগল সিং চাওতাল, ৰাখী গগৈ আৰু বিকাশ আহত হয় বুলি জানিব পৰা গৈছে ৷ আহতসকলক নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ৷ আহত চাৰিওগৰাকী কন্দলিৰ কুঁহিয়াৰতলী আৰু পামতলীৰ কিশোৰ-কিশোৰী ৷ ঘটনাস্থলীত আৰক্ষীৰ তদন্তকাৰী দল উপস্থিত হৈছে।
প্ৰেৰক কনক হাজৰিকা
Featured