চাৰিদুৱাৰত চাৰি অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট : শোণিতপুৰৰ চাৰিদুৱাৰৰ বাকোলা গাৰোগাঁও মধ্য ইংৰাজী বিদ্যালয়ত আজি চাৰিগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । সভাত সভাপতিত্ব কৰে তৰাবাৰী বড়ো প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ঘনকান্ত বড়োৱে । সভাখনত আমলগা বড়ো মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক অকণ নাৰ্জাৰী, আমলগা বড়ো মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰশান্ত কুমাৰ মেছ, দোৱাঙণী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰমণী মোহন দাস আৰু বাকোলা গাৰোগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী এলিজাবেথ মাৰাকক অনুষ্ঠানত গামোচা, মানপত্ৰৰে বিদায় সম্বৰ্ধনা জনায় । অনুষ্ঠানটোত বালিপৰাৰ শিক্ষা বিষয়া মনীষ ঠাকুৰ, চাৰিদুৱাৰ -১ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সঞ্জীত দাস, ভালেমান শিক্ষাগুৰু, ৰাইজ উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

Featured