আগন্তুক বৰ্ষৰ পৰা মহাবিদ্যালয়সমূহত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা

  • সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ
  • ৰাজ্যৰ শিক্ষাৰ্থীসকলক নতুন পৃথিৱীৰ নতুন প্ৰত্যাহ্বান গ্ৰহণৰ বাবে নিজকে সাজু কৰিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

নিয়মীয়া বাৰ্ত, ১১ছেপ্টেম্বৰ:  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি চৰাইদেউ জিলাৰ সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ তেওঁ মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী মহোৎসৱৰ এখন স্মৃতিগ্ৰন্থ আৰু মহাবিদ্যালয়খনৰ স্মাৰক গ্ৰন্থ এখনো উন্মোচন কৰে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৰাজ্যৰ শিক্ষাৰ্থীসকলক নতুন পৃথিৱীৰ নতুন প্ৰত্যাহ৩ান গ্ৰহণৰ বাবে নিজকে সাজু কৰিবলৈ আহ৩ান জনায়৷

তেওঁ কয় যে জ্ঞান আৰু প্ৰজ্ঞাৰ সমন্বয়ৰ মাজেৰে মানুহৰ ব্যক্তিত্ব পূৰ্ণ বিকশিত হয়৷ ভাৰত চৰকাৰে গ্ৰহণ কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত শিক্ষাৰ্থীসকলক জ্ঞানৰ লগতে প্ৰজ্ঞা প্ৰদানৰো লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত ৰাজ্যৰ মহাবিদ্যালয়সমূহ নতুনকৈ জাগ্ৰত হোৱা আৰু সাজু হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ তেওঁ ৰাজ্যৰ শিক্ষক সমাজক নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈও আহ্বান জনায়৷ ইতিমধ্যে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহে অহা বৰ্ষৰ পৰা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰকৃতাৰ্থত আৰম্ভ কৰিবলৈ নিজকে প্ৰস্তুত কৰি তুলিছে বুলি সদৰি কৰি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত এক বিশ্বমানৰ শিক্ষা ব্যৱস্থা গঢ়ি তুলিবলৈ ৰাজ্যখন আগবাঢ়ি যাবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷

মুখ্যমন্ত্ৰীয়ে কয় যে সম্প্ৰতি ভাৰতবৰ্ষ এক নতুন অৰ্থনৈতিক শক্তি হিচাপে সমগ্ৰ বিশ্বত উদ্ভাষিত হৈছে৷ উদ্যোগ ক্ষেত্ৰ, তথ্য প্ৰযুক্তি ক্ষেত্ৰ আৰু কৃত্ৰিম বুদ্ধিমত্তা আদি বিভিন্ন দিশত এতিয়া পৃথিৱীখন নতুন দিশলৈ গতি কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে উদ্যোগ ক্ষেত্ৰখনৰ নতুন বাতাবৰণৰ সৈতে সামঞ্জস্য ৰাখি সমসাময়িক জ্ঞান লাভ কৰিব পাৰে আৰু নিজকে যাতে প্ৰস্তুত কৰি তুলিব পাৰে সেই দিশত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ আধুনিক প্ৰযুক্তি ক্ষেত্ৰখনৰ শেহতীয়া গতিবিধিৰ লগত নিজকে চিনাকি কৰি ৰাখিবলৈও মুখ্যমন্ত্ৰীয়ে ছাত্ৰ সমাজক আহ্বান জনায়৷ তেওঁ কয় যে বিগত সময়ছোৱাৰ নিৰন্তৰ প্ৰয়াসৰ ফলস্বৰূপে আমাৰ ৰাজ্যখনে ক্ৰমান্বয়ে উদ্ধৰ্মুখী যাত্ৰাত গতি কৰিব ধৰিছে আৰু সেই উদ্ধৰ্মুখী যাত্ৰাৰ লগত নিজকে সংগত কৰি ৰাখিবলৈ ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ দিশত বৰঙণি যোগাবলৈ সকলোৱে নিজকে প্ৰস্তুত কৰি ৰাখিব লাগিব৷ নিজৰ লগতে আন দহ জনকো সংস্থাপন দিয়াৰ মানসিকতা গঢ়ি তুলিবলৈও মুখ্যমন্ত্ৰীয়ে ছাত্ৰ সমাজক আহ৩ান জনায়৷

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে সদৰি কৰে যে আগন্তুক বৰ্ষৰ পৰা ৰাজ্যৰ মহাবিদ্যালয়সমূহত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব৷ এগৰাকী শিক্ষাৰ্থীক যাতে বিভিন্ন বিষয়ৰ সম্যক জ্ঞান প্ৰদান কৰি পূৰ্ণ মানুহ হিচাপে গঢ়ি তুলিব পৰা যায় সেই উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষাগুৰু, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সমন্বয়েহে মহাবিদ্যালয় এখনক জ্ঞানৰ মন্দিৰলৈ ৰূপান্তৰ কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সোণাৰি মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰাৰ সুবিধাৰ্থে শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনি উন্নীতকৰণ, নিযুক্তি আদিকে ধৰি বিভিন্ন দিশত ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰে যাতে মহাবিদ্যালয়খনে এখন পূৰ্ণ পৰ্যায়ৰ স্নাতকোত্তৰ মহাবিদ্যালয়ৰূপে গঢ় লৈ উঠিব পাৰে৷

সাংসদ তথা সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদ্‌যাপন সমিতিৰ সভাপতি তপন কুমাৰ গগৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জীতেন হাজৰিকা, সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিমল চন্দ্ৰ গগৈ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও অনুষ্ঠানত ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত মন্ত্ৰী তথা চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বড়া, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰ, সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ, জিলা উপায়ুক্ত পল বৰুৱা আদিকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷

Featured