হৰিৰচৰত প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

🔹 হিতাধিকাৰীৰ নামত ঋণ লৈ ধন আত্মসাৎ

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ : এইবাৰ হিতাধিকাৰীৰ নামত টকা উঠাই আৰক্ষীৰ জালত পৰিছে এজন প্রৱঞ্চক। বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত হৰিৰচৰ বজাৰৰ চি এছ চি কেন্দ্ৰৰ স্বত্বাধিকাৰী জাহাংগীৰ আলম হিতাধিকাৰীৰ নামত ঋণ লৈ সকলো টকা নিজে উঠাই আত্মসাৎ কৰাৰ পিছতেই আৰক্ষীৰ জালত পৰিছে। ঘটনাৰ বিৱৰণী মতে, বৰপেটা জিলাৰ বগুলামাৰী গাঁৱৰ ফজৰ আলীৰ পুত্ৰ জাহাংগীৰ আলম (২৮)-এ দীৰ্ঘদিন ধৰি চি এছ চি কেন্দ্ৰৰ গ্ৰাহকক প্ৰধানমন্ত্ৰী আচনিৰ দহ হাজাৰকৈ টকা দিয়াৰ নামত আধাৰ কাৰ্ড আৰু পান কাৰ্ড লৈ হিতাধিকাৰীৰ নামত ঋণ লৈ সকলো টকা নিজে উঠাই আত্মসাৎ কৰিছিল। গ্ৰাহকসকলে নিজৰ নামত ঋণ থকা বুলি অৱগত হোৱাৰ পিছতেই আৰক্ষীৰ কাষ চাপে। শুকুৰবাৰে মেৰেৰচৰ আৰক্ষীয়ে প্ৰৱঞ্চক জাহাংগীৰ আলমক গ্ৰেপ্তাৰ কৰাৰ লগতে চি এছ চি কেন্দ্ৰৰ কম্পিউটাৰ, বেংকৰ পাছবুকসহ আন আন সামগ্ৰী জব্দ কৰে। গোচৰ নং 48/23ত গ্ৰেপ্তাৰ কৰি 420/468/471/409/34 IPCত গোচৰ ৰুজু কৰি সম্প্ৰতি প্ৰৱঞ্চক জাহাংগীৰ আলম আৰক্ষীৰ জিম্মাত আছে। এই কাণ্ডৰ লগত জড়িত দুজন প্ৰৱঞ্চক এতিয়াও পলাতক হৈ আছে।

প্ৰেৰক মফিদুল ইছলাম

Featured