ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ টিচিপিএল পেকেজিং লিমিটেড আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ উন্নয়ন সংস্থা ‘স্মাইল ফাউণ্ডেচ’নে কালি দিনজোৰা কাৰ্যসূচীৰে যৌথভাৱে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰে য’ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, বিনামূলীয়া চকু পৰীক্ষা আৰু আৰ্তজনৰ বাবে বিনামূলীয়াকৈ চশমা বিতৰণ কৰা হয় ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ চৌহদত। টিচিপিএলৰ এইচ আৰ মেনেজাৰ শ্যামল দেই কয় যে তেওঁলোকে প্ৰথমবাৰৰ বাবে ছাটাবাৰী অঞ্চলত বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে। স্থানীয় অঞ্চলটোৰ ১৫০জনতকৈ অধিক লোকে চকু পৰীক্ষা কৰে আৰু সেই অনুসৰি তেওঁলোকে ঔষধ আৰু চশমাও লাভ কৰে। “এইটো অঞ্চলটোত আমাৰ ১৮সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, অৱশ্যে আমি প্ৰথমবাৰৰ বাবে বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰিলোঁ আৰু জনসাধাৰণৰ পৰা আমি অতি ভাল সঁহাৰি পাইছোঁ।” দেই আৰু কয়, “আমি প্ৰায় চল্লিশ বছৰ উৰ্ধৰ আৰু তাৰ ওপৰৰ বয়সৰ বেছিভাগ মানুহেই চকু পৰীক্ষা কৰা দেখিছো।” বকোৰ দীপক নাথে কয় যে এই চকু পৰীক্ষা শিবিৰত উন্নতমানৰ চকু পৰীক্ষা সঁজুলিৰ দ্বাৰা কৰা হৈছে আৰু সেয়েহে তেওঁ সেই কথাত সন্তুষ্ট। “বকো অঞ্চলত এনে ধৰণৰ সঁজুলি আৰু অন্যান্য বস্তু নাই।” “মই দৈনিক ৮ ঘণ্টাৰো অধিক সময় কম্পিউটাৰত কাম কৰি আহিছো, গতিকে চকু পৰীক্ষা কৰাৰ প্ৰয়োজন হৈ পৰিছিল। অৱশ্যে চকুৰ বিশেষজ্ঞৰ অভাৱত গুৱাহাটী চহৰলৈ গৈ চকু পৰীক্ষাৰ তথা চছমাৰ বাবদ প্ৰায় চাৰি-পাঁচ হাজাৰ টকা খৰচ কৰিব লগা হয়।” বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ বাবে মোৰ টকা আৰু সময় ৰাহি হ’ল। চকুৰ চিকিৎসক ডাঃ প্ৰণমী দাসে চকুৰ পৰীক্ষা আৰু অন্যান্য চকুৰ লগত জড়িত পৰীক্ষা সমূহ কৰাৰ লগতে ডাঃ ইনজামাম (এম বি বি এছ) আৰু ডাঃ মণিকা দেৱীয়ে (এম বি বি এছ) ১০০জনতকৈ অধিক লোকৰ স্বাস্থ্যজনিত পৰীক্ষা কৰে। উল্লেখ্যে যে, স্মাইল ফাউণ্ডেচন আৰু টিচিপিএলে ঔষধ, ৰক্ত পৰীক্ষা, ৰক্তচাপ পৰীক্ষা আদিও প্ৰদান কৰে। এইটোও উল্লেখযোগ্য যে স্মাইল ফাউণ্ডেশ্যন হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ উন্নয়নমূলক সংস্থা যিয়ে বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত পদক্ষেপৰ জৰিয়তে ১৫৮টা কল্যাণমূলক প্ৰকল্পৰ জৰিয়তে ৩ লাখতকৈ অধিক অসুবিধাগ্ৰস্ত শিশু আৰু যুৱক-যুৱতীক পোনপটীয়াকৈ উপকৃত কৰিছে, স্বাস্থ্যসেৱা, জীৱিকা, মহিলা সবলীকৰণ, আৰু সমগ্ৰ ভাৰতৰ ২৫খন ৰাজ্যত সেৱা আগবঢ়াই আছে।

প্ৰেৰক প্ৰীতম বায়ন

Featured