সোণাপুৰস্থিত আইইউকেডিত সংবাদকৰ্মীলৈ বিনামূলীয়া বহি:বিভাগ সেৱা

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰঃ গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰত অৱস্থিত ইনষ্টিটিউট অৱ ইউৰ’লোজি এণ্ড কিডনী ডিজিজেজ, চমুকৈ আই ইউ কে ডিয়ে সংবাদকৰ্মীসকলৰ বাবে আগবঢ়াইছে বিনামূলীয়া বহিঃবিভাগ সেৱা। এই সম্পৰ্কে জানিবলৈ দিয়ে আইইউকেডিৰ এমডি ডাঃ অৰূপ কুমাৰ নাথে। তেওঁ কয়, আই ইউ কে ডিয়ে প্ৰতি বৃহস্পতিবাৰে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে, বিশেষভাৱে সক্ষম লোকসকলৰ বাবে, অটল অমৃত আৰু আয়ুস্মান ভাৰত যোজনাৰ কাৰ্ডধাৰীসকলকে ধৰি চৰকাৰী আঁ‌চনিৰ অন্তৰ্ভুক্ত ব্যক্তিসকলৰ বাবে আৰু লগতে সংবাদকৰ্মীসকলৰ বাবে বিনামূলীয়া বহিঃবিভাগ সেৱা আগবঢ়াই আহিছে। তেওঁ পুনৰ কয়, আই ইউ কে ডি একক চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এনে একক ছুপাৰ স্পেচিয়েলিটি কিডনী চিকিৎসালয় মাত্ৰ চাৰিখনহে আছে। আই ইউ কে ডি সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত পঞ্চমখন এনে হাস্পতাল। ১২ ছেপ্টেম্বৰৰ পৰা চিকিৎসা সেৱাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হৈছে ১০০খন বিচনাযুক্ত ইনষ্টিটিউট অৱ ইউৰ’লোজি এণ্ড কিডনী ডিজিজেজ, চমুকৈ আই ইউ কে ডি। আই ইউ কে ডিত কিডনী সম্পৰ্কীয় যিকোনো ৰোগৰ বিশ্বমানৰ চিকিৎসাসেৱা উপলব্ধ। ইয়াৰ উপৰি আই ইউ কে ডিত প্ৰতিটো ৰোগৰ বাবে ভিন্ন ছুপাৰ স্পেচিয়েলিটি ক্লিনিক উপলব্ধ। তাৰ ভিতৰত মুখ্য পৰিচালন সঞ্চালক ডাঃ অৰূপ কুমাৰ নাথৰ নেতৃত্বত আই ইউ কে ডি প্ৰষ্টেট আৰু লেজাৰ ক্লিনিক, ইউৰ’লোজিষ্ট ডাঃ দেৱজিৎ বৈশ্যৰ নেতৃত্বত আই ইউ কে ডি কিডনী ষ্টোন ক্লিনিক, ইউৰ’লোজিষ্ট ডাঃ অনুপ দত্তবৰুৱাৰ নেতৃত্বত আই ইউ কে ডি মেনচ্ হেলথ্ আৰু চেক্স ক্লিনিক, ইউৰ’লোজিষ্ট ডাঃ বৰুণ কুমাৰৰ নেতৃত্বত আই ইউ কে ডি কেঞ্চাৰ ক্লিনিক, ইউৰ’লোজিষ্ট ডাঃ সুমিত কাব্ৰাৰ নেতৃত্বত আই ইউ কে ডি সংৰোপন আৰু পুনৰ-সংস্থাপন ক্লিনিক, বিশিষ্ট স্ত্ৰী তথা প্ৰসুতি ৰোগ বিশেষজ্ঞা ডাঃ জুনামনি বৰগোহাঁইৰ নেতৃত্বত আই ইউ কে ডি ফিমেল ইউৰ’লোজি ক্লিনিক, ডাঃ হৰেণ বৰদলৈৰ নেতৃত্বত আই ইউ কে ডি সাধাৰণ শল্য আৰু আপাতকালীন বিভাগ আৰু ডাঃ দুলুমনি কলিতাৰ নেতৃত্বত আই ইউ কে ডি মেডিচিন বিভাগে সপ্তাহৰ সাতোটা দিনেই ২৪ ঘণ্টাই আই ইউ কে ডিত নিৰৱচ্ছিন্নভাৱে চিকিৎসা সেৱা আগবঢ়াই আছে। উল্লেখ্য যে ভিন্ন ভিন্ন শল্য চিকিৎসাৰ বাবে চৰি প্ৰকাৰৰ ভিন্ন লেজাৰ মেচিন উপলব্ধ আই ইউ কে ডি সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম তথা একমাত্ৰ হস্পিতাল। আই ইউ কে ডিৰ আন এক অনন্য সুবিধা হ’ল আই ইউ কে ডিৰ চৌহদতেই ৰোগীৰ পৰিচাৰক, পৰিচাৰিকা আৰু আত্মীয়ৰ বাবে কেতবোৰ গেষ্ট হাউচ নিৰ্মান কৰা হৈছে, য’ত তেওঁলোকৰ থকা-খোৱাৰ সুব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ ফলস্বৰূপে ৰোগীৰ আত্মীয়ই ৰাতি থকা-খোৱাৰ বাবে হাবাথুৰি খাব লগা নহয়। ইয়াৰোপৰি সচৰাচৰ সকলোতে দেখা পোৱা আন এক অসুবিধা হ’ল- গাড়ী পাৰ্কিঙৰ অসুবিধা; ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আই ইউ কে ডি চৌহদৰ ভিতৰতেই সুবিশাল পাৰ্কিং এলেকা নিৰ্মান কৰা হৈছে যাতে ৰোগী, ৰোগীৰ আত্মীয় আৰু আই ইউ কি ডিলৈ অহা অন্য কোনো লোকেই গাড়ী পাৰ্কিং কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা নহয়। উল্লেখ্য যে অনতি পলমে আই ইউ কে ডিত বৃক্ক সংৰোপনৰ লগতে ইউৰ’লোজিৰ ডি এন বি শিক্ষাও আৰম্ভ কৰা হ’ব বুলি তেওঁ কয় । মুখ্য পৰিচালন সঞ্চালক ডাঃ অৰূপ কুমাৰ নাথে আকৌ কয় যে অনতি পলমে আই ইউ কে ডি নাৰ্চিং মহাবিদ্যালয় এখনো আৰম্ভ কৰা হ’ব। তেওঁ আকৌ কয় যে ৰ’বোটিক চিকিৎসাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল এতিয়াও বাৰুকৈয়ে পিছপৰা। আই ইউ কে ডিত অদূৰ ভৱিষ্যতে ৰ’বোটিক চিকিৎসা সেৱাও আৰম্ভ কৰা হ’ব।

#বাৰ্তা ডেস্ক

Featured