নৱেম্বৰৰ পৰা অনলাইনযোগে ট্রেড লাইচেঞ্চ

ড্রাইভিং লাইচেঞ্চ নৱীকৰণৰ অনলাইন সেৱা উদ্বোধন মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত ড্রাইভিং লাইচেঞ্চ আৰু ডুপ্লিকেট ড্রাইভিং লাইচেঞ্চ অনলাইনযোগে প্রাপ্তি সেৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ নাগৰিককেন্দ্রিক, সহজে উপলব্ধ, স্বচ্ছ আৰু সহজ ব্যৱহাৰযোগ্য এই সেৱাৰ জৰিয়তে জনসাধাৰণে এতিয়া জিলা পৰিবহণ বিষয়াৰ কার্যালয়লৈ নোযোৱাকৈয়ে নিজ গৃহৰ পৰাই আধাৰ সংলগ্ণ প্রমাণীকৰণৰ জৰিয়তে এই সেৱা লাভ কৰিবলৈ সক্ষম হ’ব৷ যোৰহাট, শিৱসাগৰ, বৰপেটা, কোকৰাঝাৰ আৰু বাক্সা জিলাত নির্বাচনী আচৰণবিধি অন্ত পৰাৰ পাছত এই সেৱা জনসাধাৰণে লাভ কৰিবলৈ সক্ষম হ’ব৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই সেৱা আৰম্ভ কৰাৰ জৰিয়তে সমগ্র দেশৰ ভিতৰতে এনে সেৱা উপলব্ধ কৰা অসম ষষ্ঠখন ৰাজ্য হিচাপে পৰিগণিত হ’ল৷

প্রযুক্তিৰ প্রয়োগৰ জৰিয়তে জনসাধাৰণৰ সুবিধার্থে এই সেৱা আৰম্ভ কৰি জনসাধাৰণক সবলীকৰণ কৰাৰ উপৰি সুশাসনৰ সুবিধা প্রদান কৰাৰ প্রচেষ্টা চলোৱা হৈছে৷ এই সেৱা আৰম্ভ হোৱাৰ লগে লগে জনসাধাৰণে এতিয়াৰে পৰা কোনো জিলা পৰিবহণ বিষয়াৰ কার্যালয়লৈ গৈ শাৰী পাতি নিজৰ অমূল্য সময় অপচয় কৰাৰ পৰা ৰেহাই পাব৷ ইয়াৰ ফলত ৰাজহ বৃদ্ধিৰ লগতে জনসাধাৰণৰ সময়ো ৰাহি হ’ব৷ প্রযুক্তিৰ সঠিক ব্যৱহাৰেৰে চৰকাৰী সেৱা আগবঢ়োৱাত চৰকাৰে গুৰুত্ব দিয়েই এই পদক্ষেপ হাতত লৈছে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অনলাইনযোগে লার্নাৰ ড্রাইভিং লাইচেঞ্চ প্রদানৰ ব্যৱস্থা কৰাৰ ফলত যোৱা দুমাহত ১.৫ লাখ লোকে লার্নাৰ লাইচেঞ্চ লৈছে৷ পূর্বৰ ব্যৱস্থা অনুসৰি ডিটি’ৰ কার্যালয়লৈ আহি লার্নাৰ লাইচেঞ্চ লোৱাৰ সংখ্যা ৩০ হাজাৰ হ’লহেঁতেন৷ ইয়াৰ ফলত বিভাগৰ ৰাজহ বৃদ্ধিৰ লগতে আইন অমান্যৰ ঘটনাও হ্রাস পাইছে৷জিলা পৰিবহণ বিষয়াৰ কার্যপদ্ধতি আৰু অধিক সুচলতৰ কৰাৰ বাবে আৰু এটা প’র্টেল সৃষ্টিৰ পদক্ষেপ লোৱা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই প’র্টেলৰ জৰিয়তে পৰিবহণ বিষয়াৰ কার্যালয়ৰ পৰা স্থায়ী ড্রাইভিং লাইচেঞ্চ প্রাপ্তিৰ বাবে আগতীয়া এপইনমেণ্ট লোৱাৰ ব্যৱস্থা কৰা হ’ব, যাতে কোনো কাৰণতে জিলা পৰিবহণ বিষয়াৰ অনুপস্থিতিৰ বাবে জনসাধাৰণে সেৱা লাভ কৰাৰ পৰা বঞ্চিত হ’ব নালাগে৷ অহা ৩১ মার্চৰ ভিতৰত জিলা পৰিবহণ বিষয়াৰ কার্যালয়সমূহ সম্পূর্ণ স্বয়ংক্রিয় কৰি তোলা হ’ব৷ চলিত বর্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত আৰ চিৰ ডুপ্লিকেট সংগ্রহ, ট্রেন্সফাৰ, ঠিকনা সলনি আদিও অনলাইন ব্যৱস্থাৰে কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পৰিবহণ বিভাগৰ ৮/৯টা সেৱা ডিচেম্বৰ মাহৰ ভিতৰত অনলাইনযোগে উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হ’ব৷

সেইদৰে আন্তঃৰাষ্ট্রীয় ড্রাইভিং লাইচেঞ্চ, কণ্ডাক্টৰৰ লাইচেঞ্চ প্রদান–নৱীকৰণ ব্যৱস্থাও অহা বছৰৰ মার্চ মাহৰ ভিতৰত অনলাইনযোগে কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ প্রকাশ কৰে৷ অনলাইন ব্যৱস্থাৰে ঘৰতে বহি মানুহে আবেদন কৰাৰ সুযোগ পালে চৰকাৰৰ ৰাজহ বৃদ্ধিৰ লগতে জনসাধাৰণৰো সময় ৰাহি হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে নিবনুৱাসকলক অনলাইনযোগে নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ ফলত যোৱা তিনি মাহত ১৮ হাজাৰজনে নাম পঞ্জীয়ন কৰিছে৷ পূর্বতে শিক্ষাগত অর্হতা বৃদ্ধিৰ লগে লগে একেজন লোকে পুনৰ নিয়োগ বিনিময় কেন্দ্রলৈ আহিব লগা হৈছিল৷ এতিয়াৰে পৰা সেই কাম ঘৰতে বহি কৰিব পৰাৰ ব্যৱস্থা হৈ উঠাত সময়ৰ লগতে জনসাধাৰণৰ ধনো ৰাহি হৈছে৷ মাজুলীত জাহাজৰ টিকট এপযোগে দিয়াৰ ব্যৱস্থা কৰাৰ ফলত ৫০ হাজাৰ মানুহে এপত টিকট ক্রয় কৰিছে৷ গুৱাহাটীকে ধৰি আনবোৰ স্থানতো আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাত এপযোগে টিকট দিয়াৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়া হৈছে৷

সেইদৰে মিছন বসুন্ধৰাৰ ক্ষেত্রতো এতিয়ালৈ ৬৩ হাজাৰ আবেদন অহাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে ৫ হাজাৰ আবেদন নিষ্পত্তিও হৈছে৷ অহা নৱেম্বৰ মাহৰ পৰা ট্রেড লাইচেঞ্চো অনলাইনযোগে দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই ভাষণত উল্লেখ কৰে৷ সেইদৰে জন্ম–মৃত্যুৰ পঞ্জীয়নো ডিজিটেলী কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে সচিবালয়ত ১৯৯০, ১৯৯২ৰ ফাইলো জমা হৈ আছে৷ এই ফাইলসমূহ নিষ্পত্তি কৰাৰ বাবে নতুন মিছন এটা চৰকাৰে আৰম্ভ কৰিব৷

আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাই বৃহস্পতিবাৰে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰি চৰকাৰে কার্যালয়সমূহ ডিজিটাইজেচন কৰা সম্পর্কত আলোচনা কৰাৰ বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্যপালগৰাকীয়ে চৰকাৰৰ এই পদক্ষেপত সন্তুষ্টি ব্যক্ত কৰিছে৷ অনুষ্ঠানত পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে বিভাগটোৰ সেৱা প্রদান পদ্ধতিত প্রযুক্তি কৌশল ব্যৱহাৰেৰে বিভাগটোক অধিক সক্রিয় কৰাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই লোৱা ভূমিকাৰ শলাগ লয়৷ বিভাগে আধাৰ আৰু আধাৰবিহীন প্রমাণীকৰণৰ সেৱাসমূহ জনসাধাৰণৰ বাবে আৰম্ভ কৰাৰ দিশত সক্রিয়ভাৱে কাম কৰি আছে বুলিও কয়৷  এই অনুষ্ঠানত পৰিবহণ বিভাগৰ প্রধান সচিব কে কে দ্বিবেদী, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হা, পৰিবহণ আয়ুক্ত আদিল খানো উপস্থিত থাকে৷

Featured