এতিয়াৰে পৰা অনলাইন-অফলাইন দুই ধৰণে ৰাইজে দিব পাৰিব খাজনা

বিশেষ বাৰ্তা নগাঁও, ১৪ আগষ্ট : সৰ্বসাধাৰণ ৰাইজে অনলাইন ব্যৱস্থা যোগে খাজনা দিবগৈ গৈ চৰম সমস্যাৰ সন্মুখীন হোৱা সন্দৰ্ভত ইতিমধ্যে সংবাদ মাধ্যমযোগে প্ৰকাশিত বাতৰিয়ে অৱশেষত গা লৰালে ৰাজ্য চৰকাৰৰ। আজি দিছপুৰত অনুষ্ঠিত এক কেবিনেট বৈঠকত লোৱা এক সিদ্ধান্ত অনুসৰি কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাইজে অনলাইন-অফলাইন দুয়োটা পদ্ধতিত খাজনা আদায় দিব পাৰিব। এই ব্যৱস্থা অহা এবছৰজুৰিহে চলি থাকিব। পৰৱৰ্তী সময়ত ৰাইজে কেৱল অনলাইনযোগেহে খাজনা আদায় দিব পাৰিব। ৰাইজৰ সুবিধাৰ বাবেহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰী কেশৱ মহন্তই সংবাদ মেলযোগে জনাইছে। উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ মৌজাদাৰ সকলৰ ক্ষমতা কৰ্তনৰ পদক্ষেপ গ্ৰহণ কৰাৰ ষড়যন্ত্ৰ কৰাৰ এক গুৰুতৰ অভিযোগ উঠিছিল। ইয়াৰ অংশ হিচাপে নগাঁও জিলাত যোৱা ২০ জুলাইত সকলো মৌজাদাৰসকলৰ পৰা ৰাজহ সংগ্ৰহ কৰাৰ যাবতীয় নথি পত্ৰ জিলা আয়ুক্তৰ জড়িয়তে চৰকাৰে কাঢ়ি নিছিল। ফলত সৰ্বসাধাৰণ নাগৰিক সকল বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। কিয়নো যোৱা ২০ জুলাইৰ পৰা নগাঁও জিলাৰ লগতে বিভিন্ন ঠাইত মৌজাদাৰৰ জৰিয়তে খাজনা সংগ্ৰহ প্ৰক্ৰিয়া সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছিল। ইয়াৰ বিপৰীতে, আৰম্ভ হোৱা নাছিল অনলাইন খাজনা সংগ্ৰহৰ ব্যৱস্থা।

প্ৰেৰক কনক হাজৰিকা

Featured