আজিৰে পৰা লামডিং বনাঞ্চলত উচ্ছেদ অভিযান

ন্যায়ালয়ৰ নির্দেশ কার্যকৰী কৰিবলৈ তৎপৰ প্রশাসন

নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰঃ আজিৰে পৰা লামডিং সংৰক্ষিত বনাঞ্চলত দুদিনীয়াকৈ চলিব উচ্ছেদ অভিযান৷ প্রথম পর্যায়ৰ উচ্ছেদ অভিযানত ৫০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য হতিমধ্যে স্থিৰ কৰা হৈছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশত চলিব লগা উচ্ছেদ অভিযানক পূর্ণ ৰূপ দিবলৈ হতিমধ্যে সাজু হৈছে আৰক্ষী–প্রশাসন আৰু বন বিভাগ৷ বৃহৎসংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে উচ্ছেদ হ’বলগীয়া বিভিন্ন স্থানত৷ হোজাহ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নেতৃত্বত আৰক্ষীৰ দলে ৰোড মার্চ কৰাৰ লগতে মাহকেৰে ঘোষণা কৰিও সজাগ আৰু সতর্ক কৰি দিছে সকলো বেদখলকাৰীক৷ অভিযানৰ বাবে সাজু কৰি তোলা হৈছে প্রয়োজনীয় সকলো ব্যৱস্থা৷ হোজাহ জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই নিজেহ তদাৰক কৰিছে সমগ্র অভিযানৰ৷ শান্তিপূর্ণভাৱে উচ্ছেদ অভিযান সমাপ্ত হ’ব বুলি আৰক্ষী আৰু হোজাহ জিলা প্রশাসনে আশা প্রকাশ কৰিছে৷বন বিভাগৰ ফালৰ পৰা দুহ অতিৰিক্ত মুখ্য বন সংৰক্ষকপ্রধান এম কে যাদৱ আৰু এহচ মিশ্র, কনজার্ভেটৰ বি শর্মা, ডি এফ অ’ গুণদীপ দাসসহ আন আন বন বিষয়াহ উচ্ছেদস্থলীত উপস্থিত হৈ নিৰক্ষণ আৰু তদাৰক কৰিছে সমগ্র উচ্ছেদ অভিযান প্রক্রিয়া৷

গাড়ী, হাতী, ড্র’ন আদি প্রয়োজনীয় সকলো সামগ্রী ব্যৱহাৰ কৰি উচ্ছেদ অভিযান সফল কৰি তোলাৰ বাবে ব্যাপক ব্যৱস্থা হাতত লৈছে বন বিভাগে৷ উচ্ছেদ চলিব লগা কমাৰপানী অঞ্চলত বন বিভাগে অনাতাঁৰ ব্যৱস্থাও সাজু কৰি তুলিছে৷ উচ্ছেদ অভিযানৰ পাছত সমগ্র বনাঞ্চলৰ বেদখলমুক্ত ভূমিত বনানীকৰণ কৰা হ’ব৷ আনহাতে, বেদখলকাৰীয়ে যাতে বনাঞ্চলত প্রৱেশ কৰি পুনৰ বেদখল কার্য চলাব নোৱাৰে, তাৰ বাবেও বনাঞ্চললৈ প্রৱেশ কৰিব পৰা সকলো পথ কাটি পেলোৱাৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি জানিবলৈ দি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা ভূমিত তিনিটাকৈ স্থায়ীভাৱে বেটেলিয়ন কেম্প স্থাপন কৰাৰ কথা অৱগত কৰিছে অতিৰিক্ত মুখ্য বন সংৰক্ষকপ্রধান এম কে যাদৱে৷ দুহ–তিনি বছৰৰ পাছতেহ সমগ্র অঞ্চলটোলৈ এক সেউজীয়া পৰিৱেশ ঘূৰাহ অনা হ’ব বুলিও জানিবলৈ দিয়ে শীর্ষ বন বিষয়াজনে৷

আনহাতে, প্রশাসনৰ বুজনিত বিগত কেহবাদিনো ধৰি বেদখলকাৰীয়ে বেদখলীকৃত ভূমি ত্যাগ কৰি বনাঞ্চলৰ পৰা প্রস্থান কৰা কার্য আজিও অব্যাহত আছে৷ নিজৰ ঘৰ–দুৱাৰ, খেতিপথাৰ এৰি থৈ আশ্রয় গ্রহণ কৰিছে বিভিন্ন ঠাহত৷ নখুঁটিৰ জাঞ্জু আদি স্থানত শিবিৰ স্থাপন কৰি বেদখলকাৰীয়ে আশ্রয় গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ স্ব–হচ্ছাহ বেদখলকাৰীয়ে বেদখলীকৃত বনাঞ্চলৰ ভূমি এৰি দিয়াত সোমবাৰে উচ্ছেদ অভিযান চলোৱাৰ পূর্বেহ একপ্রকাৰ বেদখলকাৰীৰ দখলত থকা লামডিং সংৰক্ষিত বনাঞ্চলৰ ভূমিসমূহ বেদখলমুক্ত হৈ পৰিছে৷ সোমবাৰে একপ্রকাৰ নিয়মমাফিক উচ্ছেদ অভিযানহে চলাবলগীয়া হ’ব বন বিভাগে৷ অৱশ্যে হয়াৰ মাজত বনাঞ্চলৰ মাজত থকা লংচিপাহ গাৰোগাঁও আৰু চাকমা গাঁৱৰ লোকসকলে বেদখল কৰি বসবাস কৰি থকা ভূমি এৰি দিবলৈ হচ্ছুক নোহোৱা বিষয়টোৱে যথেষ্ট চিন্তিত কৰি তুলিছে বন বিভাগৰ লগতে আৰক্ষী আৰু জিলা প্রশাসনক৷ সোমবাৰে আৰম্ভ হ’বলগীয়া উচ্ছেদ অভিযানৰ পূর্বে উল্লিখিত গাঁৱৰ বাসিন্দাসকলে বনাঞ্চলৰ ভূমি ত্যাগ নকৰিলে বলপূর্বকভাৱে উচ্ছেদকার্য চলাবলগীয়া হ’ব পাৰে অঞ্চল দুটাত৷

Featured