আজিৰে পৰা NO VACCINE, NO ENTRY

নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ  আজিৰে পৰা দুপালি ভেকচিন নোলোৱা লোকৰ বিৰুদ্ধে কঠোৰ হ’ব প্ৰশাসন।
দুপালি ভেকচিন নোলোৱা লোকসকল যাব নোৱাৰিব কাৰ্যালয়লৈ, সোমাব নোৱাৰিব ৰেষ্টুৰেণ্ট বা শ্বপিং মলত।
যাত্ৰা কৰিব নোৱাৰিব ৰেল, বাছ আৰু বিমানেৰে।
উল্লেখ্য যে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছিল যে ১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা অথবা এটা ভেকচিন লোৱা সকলৰ বাবে হ’ব সম্পূৰ্ণ কাৰ্ফিউ। ৰাজ্যত অমিক্রনৰ সংক্রমণ আৰু শেহতীয়া ক’ভিড পৰিস্থিতি পৰিস্থিতিৰ বাবে এই ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

 

Featured