লাহৰীঘাটত তিনি জুৱাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চ : মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীৰ ড্ৰাগছ আৰু জুৱাৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। যোৱানিশা লাহৰীঘাট আৰক্ষীয়ে অভিযান চলাই তিনিটা জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত জুৱাৰীকেইটা বৰবৰি গাঁৱৰ ইক্ৰামুল হুছেইন (২৮), শ্বাহজাহান আলী (২৮) আৰু শ্বাহিদ আলী (৩৭)। আৰক্ষীয়ে অভিযানকালত ধৃত জুৱাৰীকেইটাৰ পৰা প্লেয়িং কাৰ্ডৰ লগতে কিছু নগদ ধনো জব্দ কৰে।

প্ৰেৰক আবুল কালাম

Featured