‘গৌৰৱ গগৈয়ে খুৰাক দীপ গগৈক ৰাজনৈতিকভাৱে ছুৰী মাৰিছিল’

🔹 কংগ্রেছ সাংসদক তুলাধুনা মন্ত্রী পীয়ূষ হাজৰিকাৰ

🔹 অখিল গগৈকো প্রত্যাহ্বান মন্ত্রী হাজৰিকাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ছেপ্টেম্বৰ : কংগ্রেছ সাংসদ গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক তীব্র কটাক্ষ কৰিছে মন্ত্রী পীয়ূষ হাজৰিকাই৷ কংগ্রেছ সাংসদ গৌৰৱ গগৈয়ে খুৰাক দীপ গগৈক কি ভুলৰ বাবে ছুৰী মাৰিছিল বুলি প্রশ্ণ কৰে৷ কালি সংবাদ মাধ্যমৰ আগত মন্ত্রী হাজৰিকাই কয় যে সাংসদ হোৱাৰ পূর্বে গৌৰৱ গগৈ কংগ্রেছৰ একো নাছিল৷ গৌৰৱ গগৈয়ে যুৱ কংগ্রেছ, এনএছইউআই একো কৰা নাছিল, প্রদেশ কংগ্রেছৰো তেওঁ একো নাছিল৷ গৌৰৱ গগৈ বাহিৰত পঢ়ি আছিল আৰু পঢ়া শেষ হোৱাৰ পিছত ঘূৰি আহি খুৰাক দীপ গগৈক ডেগাৰ মাৰি, ছুৰী মাৰি সাংসদ হৈ গ’ল৷ কোনোদিনে কংগ্রেছ নকৰা গৌৰৱ গগৈয়ে অকল পিতৃৰ বাবেই সাংসদ হ’ল৷ সেইদৰে বিধায়ক অখিল গগৈকো তীব্র প্রত্যাহ্বান জনাই মন্ত্রী হাজৰিকাই কয় যে পাৰিলে অহা নির্বাচনত অখিল গগৈয়ে মোক হৰুৱাওক৷ ৰহা সমষ্টিতো মোক হৰুওৱাৰ বাবে বহুত চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে৷ সেয়ে তেওঁক জাগীৰোডলৈ প্রত্যাহ্বান জনাইছোঁ৷ ময়ো অহা নির্বাচনত অখিল গগৈয়ে শিৱসাগৰ, টীয়ক য’ৰে পৰাই নির্বাচন খেলিব, তাতেই হৰুৱাম৷ আনহাতে এসময়ত অখিল গগৈয়ে গৌৰৱ গগৈ আৰু প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ পৰিয়ালক লৈ কি কথা কৈছিল, সেই বিষয়ে সোঁৱৰাই দি মন্ত্রী হাজৰিকাই কয় যে এসময়ত অখিল গগৈয়ে গৌৰৱ গগৈক জধামূর্খ বুলি কৈছিল৷ তদুপৰি আমেৰিকাত তৰুণ গগৈৰ পৰিয়ালৰ নামত কেইবাকোটি টকা থকাৰ বিষয়েও অখিল গগৈয়ে কৈছিল৷ অখিল গগৈয়ে যে আজি এটা, কালি এটা কথা কয়, সেই বিষয়ে সকলোৱে জানে৷ তথাপি তেওঁ এই কথা অখিল গগৈক সোঁৱৰাই দিয়াৰ বাবেহে কৈছে বুলি মন্ত্রী হাজৰিকাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷

Featured