অসমৰ পৰা সৰবৰাহ হোৱা বৰ ভেকুলীৰ বৃহৎ বজাৰ চলিছে…

দীপাংকৰ পাল ,সোণাৰি, ২২ এপ্ৰিলঃ জীৱশ্রেষ্ঠ মানুহে এফালে প্রকৃতি সম্পদ সুৰক্ষাৰ দাবীত সৰৱ হৈছে, আনফালে জীৱ শ্রেষ্ঠ মানুহৰ হাততে প্রাণ হেৰুৱাই অস্বিত্ব নোহোৱা হ’বলৈ ধৰিছে বৰ ভেকুলীৰ। বৰ ভেকুলীৰ মাংসই বিভিন্ন ৰােগৰ মহা ঔষধিৰ কাম কৰে বুলি প্রচলিত প্রবাদ আৰু জনশ্রুতিৰ আধাৰত মানুহে বৰ ভেকুলী নিধন যজ্ঞ চলাই আহিছে। বাৰিষাৰ ন-পানীত গাঁতৰ পৰা ওলাই অহা হাজাৰ-হাজাৰ বৰ ভেকুলীক খাদ্যৰ তাগিদাত হত্যা কৰিবলৈ উদ্যত হােৱা লোকসকলৰ মাজত ভেকুলী নিধন কৰা অঘােষিত প্রতিযােগিতা সম্প্ৰতি চলি আছে। মানুহৰ হাততে ইতিমধ্যে বহুকেইটা ক্ষুদ্র ক্ষুদ্র জীৱ বিলুপ্তি ঘটিছে। বহু চৰাই জাতীয় প্রজাতিৰ নিঃশেষ হৈছে। মানুহৰ হাততেই প্ৰকৃতিৰ ওপৰত ধ্বংসযজ্ঞ চলিছে। উজনি, নামনিৰ বহু কেইখন সংৰক্ষিত বনাঞ্চলত মানুহে আগ্রাসন চলােৱাৰ ফলত বন্যপ্রাণীৰ জীৱনলৈ ভাবুকি নামি আহিছে।বনাঞ্চলত থকা বন্যপ্রাণীৰ খাদ্য অভাৱ হােৱাৰ বাবে বন্যপ্রাণী জনাঞ্চললৈ ওলাই আহিছে। মানুহৰ গৃহত বাঘ প্ৰৱেশ কৰিলে সেয়া ‘ব্রেকিং নিউজ’ হয়। হাতীয়ে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই মানুহৰ ঘৰ ভাঙিলে বৰ বৰ আখৰৰ বাতৰিৰ শিৰােনাম হয়। কিন্তু বন্যপ্ৰাণীৰ আশ্রয় স্থলত জীৱশ্রেষ্ঠই চলােৱা আক্ৰমণৰ বাতৰিয়ে কিমান গুৰুত্ব পায়?

 এপদ এপদকৈ প্ৰকৃতিৰ বুকুত খিলখিলাই থকা বহু প্রজাতিৰ ক্ষুদ্ৰ জীৱনবোৰ স্বাৰ্থপৰতাৰ হাতৰ পৰশত নিঃশেষ হােৱাৰ দৰে বৰভেকুলী নিঃশেষ হ’বলৈ বৰ বেছি দিন অপেক্ষা কৰিব নালাগিব। সৰু-বৰ জলাশয়সমূহত থকা বিভিন্ন প্রজাতিৰ মাছ, ভেকুলীবােৰাে পর্যায়ক্রমে বিলুপ্তি হােৱাৰ দিশে গতি কৰিছে। বৰভেকুলীৰ দৰে বামুন ভেকুলী, পাতবেং, চুক ভেকুলীৰ দৰে খােজে প্রতি মানুহক প্রত্যক্ষ সহায় কৰি থকা প্রাণীসমূহ পৃথিৱীৰ বুকুৰ পৰা হেৰাই যােৱাৰ উপক্ৰম হৈছে। ইমানেই নহয়, বৰভেকুলীৰ এক বৃহৎ বজাৰ ৰাজ্যখনৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু নগালেণ্ডত গঢ়ি উঠিছে। অসমৰ বৰভেকুলী ধৰি বহিঃৰাজ্যত যােগান ধৰি আহিছে দুষ্ট চক্রই। চক্ৰটোৱে প্ৰতিজনী বৰভেকুলী ৫০ টকাত ক্ৰয় কৰি বহিঃৰাজ্যত এশ টকাত বিক্ৰী কৰি আহিছে। প্রতি বছৰৰ ব’হাগ আৰু জেঠ মাহত চক্ৰটো সক্রিয় হৈ পৰে আৰু এজেন্টৰ মাধ্যমেৰে বৰভেকুলী নিধন কৰি বহিঃৰাজ্যলৈ যােগান ধৰে।