মূল্যবৃদ্ধি আৰু জনজাতিকৰণৰ বিৰুদ্ধে সোণাৰিত টাইপাৰ প্ৰতিবাদ

বিশেষ বাৰ্তা, ২৫ মে’ : মূল্যবৃদ্ধি আৰু জনজাতিকৰণৰ বিৰুদ্ধে সৰৱ হৈ আজি সোণাৰিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে টাই আহোম যুৱ পৰিষদ, অসম (চমুকৈ টাইপা)ৰ চৰাইদেউ জিলা সমিতিয়ে । খাদ্য সামগ্রী , ইন্ধনজাত সামগ্রীকে ধৰি নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে টাই আহোমসকলক শীঘ্ৰেই জনজাতিকৰণৰ দাবীত সোণাৰি নগৰৰ লাচিত উদ্যানৰ সন্মুখত সংগঠনটোৰ অৰ্ধ শতাধিক কৰ্মীয়ে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।
প্ৰেৰক দীপাংকৰ পাল।