মিছামাৰীত ভিজিলেঞ্চৰ জালত খঁকুৱা খণ্ড বন বিষয়া গোপাল ডেকা

বিশেষ বাৰ্তা, ২০ জুনঃ ঢেকীয়াজুলিৰ মিছামাৰীত দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাৰ ওচৰত হাত দাঙিলে মিছামাৰীৰ জীয়াগাভৰু খণ্ড বন বিষয়া গোপাল ডেকাই। দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাই আজি বিয়লি এক অভিযান চলাই ঢেকীয়াজুলিৰ মিছামাৰীৰ জীয়াগাভৰু খণ্ড বন বিষয়া গোপাল ডেকাক ৪ হাজাৰ টকাসহ আটক কৰে বুলি অৱগত কৰে মিছামাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত পাঠকে। দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাই খণ্ড বন বিষয়াগৰাকীক আটক কৰি সোধাপোছাৰ বাবে লগত লৈ যোৱা বুলি জনায় আৰক্ষী বিষয়াগৰাকীয়ে।

প্ৰেৰক কল্পজ্যোতি নাথ

Featured