লিডু ঝৰ্ণা বস্তি এলেকাত উচ্ছেদৰ বিৰোধিতাৰে মাৰ্ঘেৰিটাত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

🔹 ক’ল ইণ্ডিয়াৰ মহাপ্ৰবন্ধকে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মাৰ্ঘেৰিটা মহাপ্ৰবন্ধকৰ কাৰ্যলয়ৰ সন্মুখত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গোৰ্খা ছাত্ৰ সন্থাই। লিডু ঝৰ্ণা বস্তি অঞ্চলত ক’ল ইণ্ডিয়াই উচ্ছেদ কৰিব বিচৰাৰ বিৰুদ্ধে স্মাৰক-পত্ৰ দিবলৈ যোৱা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলক কাৰ্যালয়ত মহাপ্ৰবন্ধকে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি গোৰ্খা ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটাৰ প্ৰতিনিধিসকলে প্ৰতিবাদ সাব্যস্ত কৰে। আজি পুৱা গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ এটা প্ৰতিনিধি দলে স্মাৰক-পত্ৰ দিবলৈ যোৱা সময়ত উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰবন্ধকে দুৰ্ব্যৱহাৰ কৰা অভিযোগ উত্থাপন কৰে গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে। অৰ্ধশতাধিক গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীয়ে উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয় সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিকূল বতৰৰ মাজতো অব্যাহত ৰাখে প্ৰতিবাদী কাৰ্যসূচী। এই প্ৰতিবাদৰ ফলত কাৰ্য্যালয়ৰ কাম-কাজ ব্যাহত হৈ পৰে। উল্লেখ্য যে ক’ল ইণ্ডিয়াৰ এলেকাধীন লিডু ঝৰ্ণা বস্তি অঞ্চলত দীৰ্ঘদিন ধৰি বিভিন্নজনে বসবাস কৰি আহিছে। উক্ত স্থানত শেহতীয়াকৈ ক’ল ইণ্ডিয়াই ডাম্পিং এলেকা স্থাপন কৰিব বিচাৰি উক্ত এলেকাৰ লোকসকলক মৌখিকভাৱে আঁ‌তৰি যাবলৈ নিৰ্দেশ দিয়াত জাঙুৰ খাই উঠিছে স্থানীয় লোক তথা গোৰ্খা ছাত্ৰ সন্থা। বাতৰি প্ৰস্তুত কৰা সময়লৈকে গোৰ্খা ছাত্ৰ সন্থাই ক’ল ইণ্ডিয়াৰ মাৰ্ঘেৰিটা কাৰ্য্যালয়ৰ সন্মুখত মহাপ্ৰবন্ধকে গোৰ্খা ছাত্ৰ সন্থাক ক্ষমা খোজাৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী অব্যাহত ৰাখিছে।

প্ৰেৰক মানস প্ৰতিম গগৈ

Featured