জোনাইত গোৰ্খা ৰাইজৰ তীব্ৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ : এইবাৰ মহকুমা প্ৰশাসনৰ বিৰুদ্ধে জোনাইত গৰ্জি উঠিল প্ৰায় পাঁচ সহস্ৰাধিক গোৰ্খা ৰাইজ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত আজি অনুষ্ঠিত কৰা হয় দুঘন্টীয়া অৱস্থান ধৰ্মঘট।সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু জোনাই গোৰ্খা ৰাইজৰ সহযোগত জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত আজি প্ৰায় পাঁচ সহস্ৰাধিক গোৰ্খা ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ। জোনাই মহকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়াই গোৰ্খা জনগোষ্ঠীক কৰা অপমানৰ বিৰুদ্ধে জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত  দিনৰ প্ৰায় ১১ বজাৰ পৰা প্ৰায় পাঁচ সহস্ৰাধিক গোৰ্খা ৰাইজে সাব্যস্ত কৰে এই অৱস্থান ধৰ্মঘট। প্ৰতিবাদকাৰীসকলে হাতে হাতে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান থকা প্লে কাৰ্ড হাতত লৈ সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰায় পাঁচ সহস্ৰাধিক গোৰ্খা ৰাইজে অসম চৰকাৰ হায় হায়, জোনাই প্ৰশাসন হায় হায়, ৰাজহচক্ৰ বিষয়া গো বেক, শীঘ্রে ৰাজহচক্ৰ বিষয়াই ক্ষমা খোজক, গোৰ্খা জনগোষ্ঠীক পতৰণা নকৰিব, আমাক ভূমি অধিকাৰৰ পৰা খৰ্ব নকৰিব। আমাৰ দাবী ন্যায্য দাবী আদি শ্লগানেৰে জোনাইৰ আকাশ বতাহ কঁপাই তুলে।সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জোনাই মহকুমা প্ৰশাসন আৰু জোনাই ৰাজহচক্ৰ বিষয়াৰ বিৰুদ্ধে গৰ্জি উঠিল পাঁচসহস্ৰাধিক গোৰ্খা ৰাইজ। আনহাতে প্ৰতিবাদকাৰীসকলে জোনাই মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্রী লৈ বিভিন্ন দাবী সন্মিলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। বিশেষকৈ অসম চৰকাৰে গোৰ্খা সকলক সংৰক্ষিত বেল্ট আৰু ব্লক সমূহত সংৰক্ষিত শ্ৰেণীৰ মৰ্য্যদা প্ৰদান কৰাৰ পিচতো, জোনাই মহকুমাৰ মহকুমাধিপতি  আৰু জোনাই চক্ৰ বিষয়াই পট্টাৰ বাবে আবেদন কৰা গোর্খা আবেদনকাৰী সকলৰ পৰ্য্যাপ্ত নথি-পত্ৰ থকাৰ পিচতো কিহৰ ভিত্তিত মুৰ্কংচেলেক সংৰক্ষিত বেল্টত বসবাস কৰা প্রায় ৫০০ৰো অধিক আবেদনকাৰী সকল ইয়াৰ স্থায়ী বাসিন্দা নহয় আৰু এই লোকসকল সংৰক্ষিত শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয় বুলি আবেদন সমূহ নাকচ কৰি, জোনাই চক্ৰ বিষয়াই গোর্খা ৰাইজক অপমান কৰিছে, তাৰবাবে গোর্খা ৰাইজৰ ওচৰত অতিশীঘ্ৰে ক্ষমা খোজাৰ দাবী। তদুপৰি  মূৰ্কংচেলেক সংৰক্ষিত বেল্টত ২০১১ চনৰ আগৰ পৰা বসবাস কৰা সমূহ গোৰ্খা সকলৰ ভোটৰ তালিকা আৰু আনুসংগিক নথি-পত্ৰৰ আধাৰত ভূমি সমস্যা সমাধান কৰি বিনাচতে আবেদনকাৰী সকলক ভূমিৰ পট্টা প্ৰদান কৰা দাবী। আনহাত অসম চৰকাৰে অসমৰ খিলঞ্জীয়া গোর্খা সকলৰ দীৰ্ঘ দিনীয়া ন্যায্য দাবী ও অধিকাৰ সমূহ পূৰণৰ ক্ষেত্ৰত লোৱা সকলোবোৰ পদক্ষেপ, নিৰ্দেশাৱলী ও জাননীসমূহ বিনাচতে বিভাগীয় কর্তৃপক্ষ সমূহে কাৰ্য্যকৰী কৰাৰ ব্যৱস্থা কৰা। চৰকাৰৰ নিৰ্দেশাৱলীক অৱমাননা কৰা বিষয়া সকলক দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰি অসমৰ প্রশাসনিক ক্ষেত্র ঘনক সংস্কাৰ সাধন কৰাৰ দাবীৰ ওপৰিও ডি-ভোটাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰতিটো জিলাৰ বিভাগীয় কর্তৃপক্ষ সমূহে কাৰ্য্যকৰী কৰি অতি কম সময়ৰ ভিতৰত এই সমস্যা সমাধনৰ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী সন্মিলিত জিলা সভাপতি সমৰাজ পুৰি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পূৰ্ণ ৰানাই স্বাক্ষৰ কৰা এখন স্মাৰক পত্ৰ জোনাই মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্রীলৈ পেৰণ কৰিছে। আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জোনাই ৰাজহচক্ৰ বিষয়ক গোৰ্খা জনগোষ্ঠীৰ ওচৰত শীঘ্রে ক্ষমা খুজিবলৈ দাবী জনোৱাৰ লগতে বসুন্ধৰা ২.০ যৰিয়তে বিনাচৰ্তে সকলো গোৰ্খা জনগোষ্ঠীক ভূমি অধিকাৰ প্ৰদান কৰিবলৈ দাবী জনাই। অন্যথা পৰবৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে গোৰ্খা ছাত্ৰ সন্থাই।
প্ৰেৰক কৰবী দলে
Featured