চৰকাৰী অফিচত ৭.৩০ বজাৰ পিছত কর্তন কৰা হ’ব বিদ্যুৎ

🔹 মুখ্যমন্ত্রীৰ ঘোষণা

বিশেষ বাৰ্তা, ৩ মার্চ : বিদ্যুৎ সংকটত ভুগি থকা অসমত এতিয়াৰে পৰা অযথা বিদ্যুৎ ব্যয় কৰিব নোৱাৰিব একাংশ চৰকাৰী কার্যালয়ে৷ বিদ্যুৎ ৰেহাইৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই চৰকাৰী কার্যালয়ত সন্ধিয়া ৭.৩০ বজাৰ পিছত বিদ্যুৎ কর্তনৰ নির্দেশ দিছে৷ কালি মুখ্যমন্ত্রীগৰাকীয়ে নতুন কৰ ভৱনৰ উদ্বোধনী অনুষ্ঠানত এই প্রসংগত কয়– বাজেট চলি নাথাকিলে সন্ধিয়া ৬ বজাৰ পিছত কার্যালয়ত থকাৰ কোনো যুক্তি নাই৷ ৬ বজাৰ পিছত কর্মচাৰীসকলে কার্যালয়ত থকাতকৈ ঘৰ আৰু পৰিয়ালৰ সৈতে থাকিলে মন আৰু স্বাস্থ্য সঠিক থাকে৷ কার্যালয়ত অধিক সময় থাকি কাম কৰাৰ পৰিৱর্তে আড্ডাহে হয়৷ যদি কার্যালয়ত কামৰ বোজা বেছি, তেন্তে কার্যালয়ত এঘণ্টা আগতে আহক৷ আহাৰ বিৰতিৰ সময়তো কাম কৰক৷ কার্যালয়ত দেৰিকৈ থকা ব্যৱস্থাটো বন্ধ কৰাৰ বাবে বিদ্যুৎ বিভাগক মই কৈছোঁ– ৭.৩০ বজাৰ পিছত বিদ্যুৎ বিভাগে স্বয়ংক্রিয়ভাৱে কার্যালয়সমূহৰ বিদ্যুৎ কর্তন কৰিব৷ চৰকাৰে বহু সময়ত চৰকাৰী কার্যালয়ৰ বিদ্যুৎ ৰাহি কৰাৰ কথা কৈ আহিছে যদিও ইয়াৰ ফল ধৰা নাই৷ সেয়েহে ৰাজ্য চৰকাৰে চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু দৰকাৰী কেইটামান বিভাগক বাদ দি আন বিভাগসমূহত ৬ বজাতে কার্যালয় বন্ধ হ’ব৷ মুখ্যমন্ত্রীয়ে প্রতিটো চৰকাৰী কার্যালয়ক কাম অনুযায়ী স্বয়ংক্রিয়ভাৱে বিদ্যুৎ কর্তনৰ এক সময় নির্ধাৰণ কৰাৰ বাবেও আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে শুকুৰবাৰৰ দিনটোত ২৩২ চৰকাৰী কার্যালয়ত স্বয়ংক্রিয় বিদ্যুৎ কর্তন কৰাৰ কথাও কালি জানিবলৈ দিয়ে৷

Featured