মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য অধ্যাপক নিৰোদ বৰুৱাৰ শপতগ্ৰহণ

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ: আজি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য অধ্যাপক নিৰোদ বৰুৱাই শপতগ্ৰহণ কৰে। ৰাজভৱনৰ দৰবাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে অধ্যাপক নিৰোদ বৰুৱাক শপতবাক্য পাঠ কৰায়।

আজিৰ এই অনুষ্ঠানত ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰনোজ পেগু, শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননী গোপাল মহন্ত, চ্যান্সেলৰৰ সচিবালয়ৰ উপদেষ্টা অধ্যাপক এম.কে.চৌধুৰী, বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

উল্লেখ্য যে  ড:নিৰোদ বৰুৱাই বহুকেইখন  অসম আৰু ভাৰত বুৰঞ্জী সম্পৰ্কে গ্ৰন্থ আৰু পাঠ্যপুথি প্ৰনয়ন কৰি এগৰাকী ইতিহাসবিদ হিচাপে স্বীকৃতিপ্ৰাপ্ত। ড:বৰুৱাই ভাৰতীয় ইতিহাস কংগ্ৰেছ, উত্তৰ- পূব বুৰঞ্জী সংস্থাৰ অধিবেশনত অংশগ্ৰহণ কৰা লগতে দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা বুৰঞ্জী আৰু শিক্ষা বিষয়ৰ ওপৰত হোৱা আলোচনা চক্ৰত অংশগ্ৰহণ কৰাৰ লগতে গৱেষণা পত্ৰও পাঠ কৰিছে। পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিক্ৰমা বিভাগৰ ডীন হিচাপে সফলতাৰে নিজৰ দায়িত্ব সম্পূৰ্ণ কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা বিভাগৰ সঞ্চালকৰ কাৰ্যনিৰ্বাহ কৰা  ড: বৰুৱাই বিশ্ববিদ্যালয়ৰ সামূহিক অনাতাঁৰ কেন্দ্ৰ- ‘জ্ঞানমালিনী’ আৰু EMRC (Educational Multimedia Research Centre,  UGC)ৰ ভাৰপ্ৰাপ্ত সঞ্চালক হিচাপে সেৱা আগবঢ়ায় থকা লগতে  চুকাফা আসনৰ প্ৰাধ্যাপক হিচাপে কৰ্মৰত হৈ আছিল। ড:নিৰোদ বৰুৱাৰ তত্বাৱধানত বৰ্তমানলৈকে ৯ গৰাকীয়ে পিএইচডি আৰু ১২ গৰাকীয়ে এমফিল ডিগ্ৰী লাভ কৰিছে । প্ৰায় ২৮ বছৰ শিক্ষকতা বৃত্তিত জৰিত ড:নিৰোদ বৰুৱাই কেইবাটাও বুৰঞ্জীমূলক গৱেষণা প্ৰকল্প সম্পন্নত মনোনিবেশ কৰা লগতে প্ৰাচীন আৰু মধ্য অসমৰ ইতিহাস, উত্তৰ পূৰ্বঞ্চলৰ সামাজিক-ৰাজনৈতিক বুৰঞ্জী,কলা-পুৰাতত্ব আৰু স্থানীয় ইতিহাস সম্পৰ্কে অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি এগৰাকী ইতিহসবিদ হিচাপেও পৰিচিত। এইগৰাকী ইতিহাসবিদে  গ্ৰীচৰ এথেন্সত হোৱা আন্তৰাষ্ট্ৰীয় আলোচনাচক্ৰত ভাৰতক প্ৰতিনিধিত্ব কৰি গৱেষণা পত্ৰ পাঠ কৰিছিল। তেখেতৰ সম্পাদনাত আজি কেইদিনমানৰ আগতে ‘মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী’ প্ৰকাশ পাইছে। বিশ্ববিদ্যালয়ৰ এইগৰাকী অধ্যাপক মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰাত স্বাভাবিকতে বিশ্ববিদ্যালয়খনত আনন্দৰ লহৰৰ সৃষ্টি হৈছে আৰু বুৰঞ্জী বিভাগত এই আনন্দ মাত্ৰা দুগুণ হোৱা দেখিবলৈ পোৱা গৈছে।

Featured