গুণালক চাকুৰে হানি-খুঁচি হত্যা কৰিলে ৰান্ধনী সুধীৰে

🔹 উত্তৰ গুৱাহাটীৰ অভয়পুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড

নিয়মীয়া বাৰ্তা, ২৯ জুন : উত্তৰ গুৱাহাটীৰ অভয়পুৰত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়। সাগৰ ষ্টীল নামৰ কোম্পানীটোৰ এজন ৰান্ধনীক হানি-খুঁচি নিৰ্মমভাৱে হত্যা কৰে আন এগৰাকী ৰান্ধনীয়ে । মৃত লোকজন কোকৰাঝাৰৰ গুণাল ৰায় । গুণাল ৰায় দীৰ্ঘদিন ধৰি ৰান্ধনী হিচাপে কৰ্মৰত আছিল সাগৰ ষ্টীল কোম্পানীত । গুণাল ৰায়ক চাকুৰে হানি-খুঁচি হত্যা কৰে সুধীৰ ৰায়ে। হত্যাকাৰী সুধীৰ ৰায়ক গ্ৰেপ্তাৰ কৰিছে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীয়ে । আনহাতে, আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে কোম্পানীটোৰ আন কৰ্মচাৰীকো । শুকুৰবাৰে সন্ধিয়া ৮ মান বজাত সময় মতে খাদ্য নিদিয়া তথা ভাত খোৱাক লৈ দুয়োজনৰে মাজত হৈছিল তীব্ৰ বাকবিতণ্ডা। পিছত কাজিয়াৰ ৰূপ লয়। চাকুৰে পেটত হানি-খুঁচি হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰে সুধীৰ ৰায়ে। হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত একেটা কোঠাতেই শুই আছিল কোম্পানীটোৰ ১০জনকৈ কৰ্মচাৰী । কোম্পানীটোৰ ভিতৰত সুৰক্ষাকৰ্মী থকাৰ পাছত কেনেদৰে এই হত্যাকাণ্ড সংঘটিত হ’বলৈ পালে, তাক লৈ উঠিছে প্ৰশ্ন । কোম্পানী কৰ্তৃপক্ষৰ কৰ্মচাৰীৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতা নাই নেকি বুলি এতিয়া প্ৰশ্ন তুলিছে স্থানীয় ৰাইজে। হত্যাকাৰী আৰু আন কৰ্মচাৰীসকলক এতিয়াও উত্তৰ গুৱাহাটী (গৌৰীপুৰ) আৰক্ষী চকীত জেৰা চলাই থকা হৈছে।

প্ৰেৰক মুনীন ডেকা

Featured