নগৰবেৰাত সাগৰসদৃশ পৰিৱেশ : বন্ধ গুৱাহাটী-ধূপধৰা-নগৰবেৰা পথ

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ উজনি নামনি সৰ্বত্ৰ চলিছে বান বিভীষিকা। আউল লাগিছে জনজীৱনত ,কামৰূপৰ নগৰবেৰা অঞ্চলতো চলিছে বানপানীৰ তাণ্ডৱ। ইতিমধ্যেই জামলাই অঞ্চলত পানীৰ তলত সোমাই পৰিছে সদাব্যস্ত ৰাজপথ। বন্ধ হৈ পৰিল ধূপধৰা নগৰবেৰা সংযোগী পথ যোগাযোগ। মানুহ গৰু সকলোৰে মাজত বানপানীক লৈ আতংকময় পৰিবেশ। জামলাইত ৰাজপথত সম্প্ৰতি বিস্তৃত অঞ্চলজুৰি ঠেকা খাইছে পাহাৰসম পানী মেটেকাৰ দম। মেটেকাৰ হেঁচাত যিকোনো মুহুৰ্ত্ততে ভাঙিব পাৰে ৰাজপথটি। আনহাতে পূৰ্বৰে পৰা পকী পথ ভাঙি খলাবমা হোৱাৰ ফলত সম্প্ৰতি জলমগ্ন নোহোৱা অৱশিষ্ট ওখ পথত পথচাৰীৰ বাবে খোজকাঢ়িব নোৱাৰা পৰিৱেশ। অৱশ্যে তাৰমাজতো খলাবমা পথটিৰে একাংশই দুঃসাহসিক বাবে বাইক, চাইকেল আদিৰে মৰণত শৰণ দি অহাযোৱা কৰিয়েই আছে! পদে পদে বিপদৰ হাতবাউল। ইতিমধ্যে নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত কেবাখনকৈ গাঁও বানপানীৰ কবলত পৰিছে। মানুহৰ ঘৰ দুৱাৰকে আদি কৰি ৰাজপথ পানীৰ তলত সোমাই পৰাত হাহাকাৰ লাগিছে সৰ্বত্ৰ। একেদৰে চৰণীয়া পথাৰ জলমগ্ন হোৱাত মানুহৰ লগতে পোহনীয়া পশুবোৰৰ মাজতো দেখা দিছে ভীষণ খাদ্যসংকটে। ঠায়ে ঠায়ে বন্যাৰ্তই স্কুলঘৰ বা ওখ ঠাইত শিৱিৰ পাতি কেবাটাও পৰিয়ালে সহাৱস্থান কৰিবলগীয়া হৈছে। মুঠতে অন্যান্য বানবিধস্ত অঞ্চলবোৰৰ দৰে নগৰবেৰা ৰাজহ চক্ৰৰ কেবাখনকৈ গাঁৱৰ ৰাইজৰ মাজত বিৰাজ কৰিছে অবৰ্ণনীয় বিপৰ্যয়। আউল লাগিছে স্বাভাৱিক জীৱন যাত্ৰাত। শীঘ্ৰে অঞ্চলটোলৈ মানুহৰ আৰু পশু খাদ্য যোগানৰ দাবী জনাইছে বন্যাৰ্তই।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured