গীত-কবিতা-কথাৰে জীপাল কৃষ্ণাইৰ হাব্ৰাঘাট মহাবিদ্যালয়

বাৰ্তা ব্যুৰ, গোৱালপাৰা, ১৮ আগষ্টঃ সুৰভি সাহিত্য গোষ্ঠী, কৃষ্ণাইৰ উদ্যোগত আজি হাব্ৰাঘাট মহাবিদ্যালয়ত অনুষ্ঠিত হ’ল বিশেষ সাহিত্যানুষ্ঠান। শিক্ষাবিদ প্ৰয়াত অধ্যক্ষ তোৰাব আলী স্মাৰক বক্তৃতা অনুষ্ঠানত সাহিত্যিক পেঞ্চনাৰ ড০ পৰিতোষ চক্ৰৱৰ্তীয়ে বিশিষ্ট সাহিত্যক হোমেন বৰগোহাঞিৰ সাহিত্যকৃতিৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, যদি হোমেন বৰগোহাঞি ইংলেণ্ড, ফ্ৰান্সত জন্মগ্রহণ ললেহেঁতেন, তেওঁ এজন বিশ্ববিখ্যাত দার্শনিক হিচাপে চিহ্ণিত হ’লহেঁতেন, আমি অসমীয়াই সেই দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছো। এই অনুষ্ঠানত শিক্ষাবিদ প্ৰয়াত অধ্যক্ষ তোৰাব আলীৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে ড০ পৰিতোষ চক্ৰৱৰ্তীয়ে। লগতে সাহিত্য সংকলন ‘কণ্ঠ’ উন্মোচন কৰে হাব্ৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মন্টু কুমাৰ দাসে। ইয়াৰ লগতে অধ্যক্ষ তোৰাব আলীৰ জীৱনৰ ওপৰত আলোকপাত কৰে গোৱালপাৰা জিলা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি বাণীকান্ত ৰাভা, প্ৰাক্তন সম্পাদক ছজিমুদ্দিন আহমেদ, কৃষ্ণাই ছোৱালী হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক আব্দুল হাই, ফাজিল হক, কেশৱ শৰ্মা, আব্দুল লতিফে। এই বিশেষ সাহিত্যানুষ্ঠানত অংকনা চক্ৰৱৰ্তী, সৌৰভ ঠাকুৰীয়া, দীপক শৰ্মা মেধি, পদুমী নাথ, লিপিকা শৰ্মা, লিজা আহমেদ, অনিত জ্যোতি ৰাভাই স্বৰচিত কবিতা পাঠ কৰে। শিশুশিল্পী দৃষ্টিদীপা শিৱমৰ ভক্তিমূলক গীতেৰে আৰম্ভ হোৱা সুৰভি সাহিত্য গোষ্ঠীৰ সভাপতি ড০ নজৰুল ইছলামে সভাপতিত্ব কৰা অনুষ্ঠানটোৰ আঁত ধৰে উদিত নাৰায়ণ কলিতাই আৰু আদৰণী ভাষণ দিয়ে নীলমণি শৰ্মাই।

প্ৰেৰক উদিত নাৰায়ণ কলিতা

Featured