নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ বিটিচি নির্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে ক্রমাৎ আকর্ষণীয় হৈ উঠিছে হাগ্রামা মহিলাৰী আৰু ড০ হিমন্ত বিশ্ব শর্মাৰ বাকযুদ্ধ ৷ কালি গোসাঁইগাঁও মহকুমাৰ ৪নং যমদুৱাৰ সমষ্টিত এক বিশাল নির্বাচনী জনসভাত বিপিএফৰ সভাপতি হাগ্রামাই কয়– ‘এইবাৰ দিছপুৰতো বিপিএফ ইন আৰু হিমন্ত বিশ্ব শর্মা আউট হ’ব৷’ ড০ হিমন্ত বিশ্ব শর্মাৰ নির্বাচনী প্রচাৰ সভাত ৮০ শতাংশই বাহিৰৰ পৰা ভাৰাত অনা মানুহ বুলি তেওঁ কটাক্ষ কৰে৷
সাংবাদিকৰ প্রশ্নৰ উত্তৰত তেওঁ লগতে কয় যে লাফিকুলৰ হত্যাকাণ্ডৰ মূল নায়ক কোন সেইটো ড০ হিমন্ত বিশ্ব শর্মাই ভালদৰে জানে৷ তেওঁ প্রশ্ন কৰে– বিটিচিত চৰকাৰ গঠন কৰাৰ পিছত হত্যাকাৰীক ধৰিব বুলি কৈছে, কিন্তু এতিয়াও ৰাজ্যত আপোনাৰে চৰকাৰ আছে, কিন্তু কিয় ধৰা নাই৷ হত্যাকাণ্ডৰ তিনি বছৰে চুপচাপ থাকি এতিয়া লাফিকুল হত্যাকাণ্ডক লৈ ৰাজনীতি কৰিব আহিছে কিয়৷
‘বিজেপি মোৰ বাবে একো নহয়৷ আগতে বিটিচি চৰকাৰ বনাই লওঁ, তাৰ পিছত দিছপুৰ চাম৷’ হাগ্রামাই কয়৷ আনহাতে, নির্বাচনী সভাসমূহত ড০ শর্মাই বিপিএফক মেকুৰীৰ দল বুলি কৰা তির্যক মন্তব্যৰ প্রতিক্রিয়াত হাগ্রামা মহিলাৰীয়ে কয়– ‘মই যদি মেকুৰী তেনেহ’লে হিমন্ত বিশ্ব শর্মা বান্দৰ৷ এটা দলৰ পৰা আনটো দলত বাগৰি থকা হিমন্তই এইবাৰ বিটিচিত একো কৰিব নোৱাৰে৷ বিটিচিত বিপিএফৰে চৰকাৰ হ’ব৷’
আনহাতে গুমা সমষ্টিৰ বিপিএফৰ প্রার্থী ৰহিন্দ্র কুমাৰ ব্রহ্মৰ হৈ বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে কুর্শাকাটিত নির্বাচনী প্রচাৰ চলায়৷ কালি আয়োজিত বিশাল নির্বাচনী সভাত বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে ঘোষণা কৰে– ‘বিটিচিত চৰকাৰ গঠন কৰাৰ পিছত আমি দিছপুৰ চলো কার্যসূচী গ্রহণ কৰিম৷ হিমন্ত বিশ্ব শর্মাই বিটিচিৰ বাহিৰৰ লোকক ২০০–৫০০ টকা হাজিৰা দি নির্বাচনী সভা–সমিতি পাতিছে৷ বিটিচি অঞ্চলৰ মানুহ বিজেপিৰ সভাত নাই৷ বিটিচি অঞ্চলৰ ৰাইজে হিমন্তক ভাল নাপায়৷ বিপিএফৰ বিৰুদ্ধে যি কৈ আছে সম্পূর্ণ মিছা৷ দুর্নীতি বিটিচিত হোৱা নাই৷’