হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল : মন্ত্ৰী পীয়ূষ হাজৰিকা

🔹 কোকৰাঝাৰত মাৰাথন নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী হাজৰিকাৰ

🔹 ‘বিটিআৰত হত্যা-হিংসা ৰাজনীতিবিদসকলৰ শেষ আশ্ৰয় আছিল’

বিশেষ বাৰ্তা, ৪ মে’ : বিটিআৰত হাগ্ৰামা মহিলাৰীয়ে জংঘলৰাজ চলাইছিল, ইয়াত কু-শাসন চলাইছিল। হত্যা-হিংসা ইয়াত ৰাজনীতিবিদসকলৰ শেষ আশ্ৰয় আছিল।- এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। আজি সাংবাদিকৰ আগত এই মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে দুইৰ পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত বিজেপি-ইউপিপিএল-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে জয়লাভ কৰিব বুলি মন্তব্য কৰে। হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি তেওঁ কয়- বিটিআৰত হাগ্ৰামাই জংঘলৰাজ চলাইছিল। হাগ্ৰামা মহিলাৰীয়ে বিটিআৰত কু-শাসন চলাইছিল। হত্যা-হিংসা ইয়াত ৰাজনীতিবিদসকলৰ শেষ আশ্ৰয় আছিল। এইবিলাক এতিয়া নাইকিয়া হৈ গ’ল। এতিয়া সকলোৱে বিজেপি-ইউপিপিএল-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিব। তেওঁ আৰু কয় যে ইয়াত এতিয়া সকলোৱে শান্তিত আছে। ইয়াত উন্নয়ন নিশ্চিতভাৱে হৈছে, ৰাস্তা-ঘাটৰ অৱস্থা বহুত ভাল হ’ল। মই বহু আগৰে পৰা বিটিচিলৈকে অহা-যোৱা কৰিয়ে আছোঁ। তেওঁ কয় যে আমি বানপানীৰ ক্ষেত্ৰতো যথেষ্ট কাম কৰিছোঁ। দুখনকৈ মেডিকেল কলেজ এই ৭-৮ বছৰত বিটিআৰত হ’ল। দলঙো বহুত হ’ল। ইয়াৰ ৰাইজে শান্তি বিচাৰে, উন্নয়ন বিচাৰে, জংঘলৰাজ নিবিচাৰে। সেই কাৰণে সকলোৱে বিজেপি-ইউপিপিএল আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিব বুলি তেওঁ দৃঢ়তাৰে কয়। বিপিএফে কিমানখন আসন পাব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়- হাগ্ৰামা মহিলাৰীৰ খুব বেয়া অৱস্থা হ’ব। তেওঁলোকৰ প্ৰাৰ্থীয়ে ২ৰ পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত যে হাৰিব, এয়া খাটাং। সাংবাদিকে বিৰোধীৰ প্ৰসংগ উত্থাপন কৰাত তেওঁ কয় যে অসমত বিৰোধী নাই। আমি যদি প্ৰত্যেকটো সমষ্টিত ২-২.৫০ লাখ ভোটৰ ব্যৱধানত জিকো, তেন্তে বিৰোধী ক’ত আছে বুলি তেওঁ ওলোটাই প্ৰশ্ন কৰে। তেওঁ কয় যে আমি উন্নয়ন কৰিছোঁ, আমি কাকো বেয়া ব্যৱহাৰ কৰা নাই, কাৰো অন্যায় কৰা নাই, আমি অসমৰ উন্নয়ন কৰিছোঁ। তেওঁ পুনৰ কয় যে কংগ্ৰেছে যেতিয়া অসমত শাসন চলাইছিল, তেতিয়া অসমত ৬খন মেডিকেল কলেজ আছিল, এতিয়া অসমত ১৮খন মেডিকেল কলেজ হ’ল। কংগ্ৰেছে যেতিয়া ৬০ বছৰ ভাৰতবৰ্ষত শাসন চলাইছিল, তেতিয়া ভাৰতবৰ্ষত এয়াৰপৰ্ট আছিল মাত্ৰ ৭৬টা। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ বছৰতে এয়াৰপৰ্ট বনালে ৭৫টা।

অসমত বিশ্ববিদ্যালয় আছিল কংগ্ৰেছৰ দিনত ৭খন আৰু আমি ৮ বছৰত বনালোঁ ১৫খন। আগতে ৰাস্তা যিমান আছিল, তাৰ ডাবল-ট্ৰিপল হ’ল বুলি তেওঁ উল্লেখ কৰে। তেওঁ আৰু কয় যে আগতে কংগ্ৰেছৰ দিনত ৭৫ হাজাৰ টকাৰ অনুদানৰ ঘৰ আছিল, তাকো বিডিঅ’, জে ই ই, ঠিকাদাৰ, বিধায়ক, পঞ্চায়ত সভাপতিয়ে খাইছিল। এতিয়া সেই ঘৰ ডেৰ লাখটকীয়া হ’ল। এতিয়া পইচা কোনেও খাব নোৱাৰে, গৃহস্থই নিজে ঘৰটো বনোৱা হ’ল। এয়া বৃহৎ পৰিৱৰ্তন। কংগ্ৰেছে ৰাইজক চাউল বিক্ৰী কৰিছিল, আমি বিনামূলীয়া চাউল দিওঁ। তেওঁ আৰু কয় যে অৰুণোদয়ৰ কথা বাৰু নক’ৱেই, আমি ১ লাখ ল’ৰা-ছোৱালীক চাকৰি দিলোঁ, কোনোৱে ক’ব নোৱাৰে ক’ৰবাত এটা টকাৰ দুৰ্নীতি হৈছে বুলি। সেই কাৰণে অসমৰ ৰাইজে বিজেপি, ইউপিপিএল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব বুলি তেওঁ মন্তব্য কৰে। বৰপেটা লোকসভা সমষ্টিত বিজয় নিশ্চিত বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে ধুবুৰীত ‘টাফ ফাইট’ত আছে বুলি কয়। আনহাতে, অসমত লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে নিশ্চিতভাৱে ১২খন আসনত জয়ী হ’ব বুলি উল্লেখ কৰি ১৩খন আসনো লাভ কৰিব পাৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। উল্লেখ্য যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিৰাং আৰু বাক্সা জিলাত আজি কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই বিজেপি, ইউপিপিএল আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

Featured