হায়দৰাবাদ এফ চিত চুক্তিবদ্ধ অসম সন্তান হলিচৰণ নার্জাৰী

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ অসমৰ তাৰকা ফুটবলাৰ হলিচৰণ নার্জাৰীক আগন্তুক ইণ্ডিয়ান ছুপাৰ লীগত হায়দৰাবাদ এফ চিত দেখিবলৈ পোৱা যাব৷ ২৬ বছৰীয়া ফুটবলাৰগৰাকীয়ে আজি কেৰালা ব্লাষ্টার্ছ ত্যাগ কৰি দুবছৰৰ বাবে হায়দৰাবাদ এফ চিৰ সৈতে চুক্তিবদ্ধ হয়৷

এতিয়ালৈকে আইএছএলৰ ৫৯খন মেচ খেলা কোকৰাঝাৰৰ খেলুৱৈগৰাকীয়ে ২০১০ৰ পৰা নিয়মীয়াকৈ আই লীগত দেশৰ কেইবাটাও আগশাৰীৰ দলৰ হৈ খেলি আহিছে৷ একেদৰে তেওঁ আইএছএলত এতিয়ালৈকে এফ চি গোৱা, নর্থ ইষ্ট ইউনাইটেড আৰু কেৰালা ব্লাষ্টার্ছ, চেন্নাইন এফ চিৰ হৈ খেলিছে৷

ভাৰতীয় জাতীয় ফুটবল দলৰ নিয়মীয়া সদস্য নার্জাৰীয়ে ১৯ বছৰ অনূর্ধ্ব আৰু ২৩ বছৰ অনূর্ধ্ব ভাৰতীয় দলকো প্রতিনিধিত্ব কৰাৰ সুযোগ পাইছিল৷ হায়দৰাবাদ এফ চিৰ সৈতে চুক্তিবদ্ধ হৈ তাৰকা ফুটবলাৰগৰাকীয়ে কৈছে যে নতুন দলত এটাত যোগ দি তেওঁ অত্যন্ত উৎসাহী৷ আগন্তুক আইএছএলত সকলো প্রত্যাহ্বানৰ সন্মুখীন হ’বলৈ উৎকণ্ঠাৰে অপেক্ষা কৰিছে বুলিও তেওঁ উল্লেখ কৰে৷